চিমেন চাপৰি উপেন্দ্ৰ নেশ্বনেল একাডেমিত আজি ২০২৪ শিক্ষাবৰ্ষত বিদ্যালয়খনৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত সুখ্যাৰ্তিৰে উত্তীৰ্ণ হোৱা কৃতী শিক্ষাৰ্থী সকলক সম্বৰ্ধনা আৰু বিদ্যালয়খনত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰা নৱাগত ছাত্র-ছাত্ৰী সকলৰ আদৰণি সভাৰ অনুষ্ঠিত কৰে। চিমেন চাপৰি উপেন্দ্ৰ নেশ্বনেল একাডেমীৰ অধ্যক্ষ বিমল মুছাহাৰীয়ে সভাপতিত্ব কৰা সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি এবছুৰ ধেমাজি জিলা সমিতিৰ শিক্ষা সম্পাদক মৌজাংগসাই নাৰ্জাৰীয়ে কয় শিক্ষাই মানুহৰ মেৰুদণ্ড।

শিক্ষা অবিহনে মানুহে জীৱনটো সঠিক লক্ষ্যত উপনীত কৰোৱাব নোৱাৰে বুলি উল্লেখ কৰি গুণগত শিক্ষা আৰু দক্ষতা বিকাশৰ জৰিয়তে নিজকে যোগ্যতা আৰু কৰ্মদক্ষতাৰে আগবাঢ়ি যাব লাগিব লগতে এগৰাকী সুস্বাস্থ্য আৰু সুচৰিত্ৰৱান হিচাপে গঢ় দিব লাগিব বুলি গুৰুত্বপূৰ্ণ ভাষন দাঙি ধৰে। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি জোনাৰাম ব্ৰহ্মই কয় অধ্যয়নপুষ্ঠ আৰু শৃংখলাৱদ্ধ জীৱন গঢ়াৰ সপোন লৈ ছাত্র-ছাত্ৰী সকলে আগবাঢ়ি যোৱা উচিত বুলি কৈ অধ্যৱসায়ৰ দ্বাৰা সফলতা অৰ্জন কৰিব পাৰি আৰু মূল্যৱান সময় নষ্ট নকৰি কেৱল অধ্যয়নত মনোনিবেশ কৰিবলৈ শিক্ষাৰ্থী সকলক আহ্বান জনায়। চিমেন চাপৰি উপেন্দ্ৰ নেশ্বনেল একাডেমীৰ শিক্ষাতত্ব বিভাগৰ প্ৰৱক্তা মোনাবিলি বড়ো, ৰসায়ন বিভাগৰ প্ৰৱক্তা থুলুঙ্গা ৰামচিয়াৰীয়ে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি বহুমূলীয়া ভাষন আগবঢ়ায়।সভাতে প্ৰথমবাৰৰ বাবে চিমেন চাপৰি উপেন্দ্ৰ নেশ্বনেল একাডেমীৰ পৰা বিজ্ঞান শাখাত ৭ গৰাকীয়ে ষ্টাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ১৫ গৰাকী কৃৰ্তি পৰীক্ষাৰ্থীক আৰনাই আৰু অন্যান্য সামগ্ৰীৰে সম্বৰ্ধনা জনোৱা হয়।

