Breaking

মৰিগাঁও মহাবিদ্যালয়ত লাহৰীঘাট গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ফাইজুৰ ৰহমানক সমাজ সেৱকৰ সম্ভৰ্দ্ধনা

0 1,551

যোৱা ২৪ অক্টোবৰত  তক্ষশীলা সামাজিক সাংস্কৃতিক পৰিষদৰ উদ্যোগত উত্তৰ পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ, মৰিগাঁও জিলা সমিতিৰ সহযোগত  মৰিগাঁও মহাবিদ্যালয়ত শাৰদীয় কবিতাৰ মৌ-মেল নামৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত  সমাজলৈ বিভিন্ন দিশত সেৱা আগবঢ়োৱা মুঠ ২১ জন ব্যক্তিক  সম্ভৰ্দ্ধনা জনোৱা হয় ৷  উক্ত অনুষ্ঠানতে মৰিগাঁও জিলাৰ লাহৰীঘাট গাঁও পঞ্চায়তৰ আঞ্চলিক  সদস্য ফাইজুৰ ৰহমানকো বিশিষ্ট সমাজ সেৱক হিচাপে   এখন ফুলাম গমোচা, জাপি আৰু প্ৰখস্থী পত্ৰৰে সম্ভৰ্দ্ধনা  জনোৱা হয় ৷উক্ত গাম্ভীৰ্য্য পূৰ্ণ  অনুষ্ঠানত আয়োজক সমিতিৰ বিষয়ববীয়া সকলৰ লগতে উপস্থিত থাকে  মৰিগাঁও জিলা বন বিষয়া দেৱব্ৰত গগৈ, কবি নীল কমল বৰা, কবি ত্ৰীদিপ লস্কৰ,  ৰহস্য আলোচনীৰ সম্পাদক ড° বাবু ৰাভা , ড° কবি জয় বৰা , মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ও শিক্ষাবিদ ড° লীলা বৰঠাকুৰ ,মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ও প্ৰাক্তন জিলা সাংবাদিক সন্থাৰ সভাপতি  প্ৰতাপ হাজৰিকা  , মৰিগাঁও জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি ও বৰ অসম কাকতৰ সম্পাদক বিৰিনচি কুমাৰ বৰুৱা, ও বহু কবি বিশিষ্ট লেখক ও সমাজ সেৱক সকলকে আদি কৰি বহু গন্য মান্য ব্যক্তি সকলৰ উপস্থিত থাকে ৷ খাইৰুল ইছলাম ভূৰাগাঁও মৰিগাঁও

Leave A Reply