Breaking

অজাপৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা…

0 68

হোজাইৰ লংকা বাড্’চ ইংলিছ চিনিয়ৰ চেকেণ্ডৰী স্কুলত অসম জাতীয় পৰিষদে আজি কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায়৷ এই সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে হোজাই জিলা অসম জাতীয় পৰিষদৰ সভাপতি লুতফুৰ ৰহমানে।
হোজাই জিলা অজাপৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ২০২২-২০২৩ ইং বৰ্ষৰ ফলাফলত ৯০% ৰ অধিক নম্বৰ লাভ কৰা জিলাৰ ১২খন বিদ্যালয়ৰ ৩০ গৰাকী ছাত্র -ছাত্ৰীক গামোচা ,মানপত্ৰ ,কিতাপৰ টোপালা, কলমেৰে সম্বৰ্ধনা জনায়। উক্ত সম্বৰ্ধনা অনুষ্ঠানত অসম জাতীয় পৰিষদৰ সম্পাদক ৰাজু ফুকন, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সহকাৰী অধ্যাপক দেৱজিত বৰুৱা, অধ্যক্ষ বাডচ ইংলিছ স্কুলৰ অধ্যক্ষ মনোজ কান্তি ধৰ উপস্থিত থাকে।

লগতে অজাপৰ হোজাই জিলাৰ সম্পাদক দীপক বৰা,উপ সভাপতি জাকিৰ হুছেইন,দিগন্ত বৰা,জয়ন্ত হাজৰিকা,দিপক বৰুৱা, জিয়াউৰ ৰহমান(বিত্তসম্পাদক),মোকিবুত জামান (সভাপতি,যুৱ শক্তি)আব্দুল হামিদ (সভাপতি সংখ্যালঘু শক্তি)আনৱাৰ হুছেইন,আস্বফাক হুছেইন বড়ভূঞা(সম্পাদক সংখ্যালঘু শক্তি) মনচুৰ আহমেদ (সম্পাদক যুৱ শক্তি)আলিম উদ্দিন(সাংগঠনিক সম্পাদক যুৱ শক্তি) ৰ লগতে ভালেমান বিষয়ববীয়া উপস্থিত থাকে।সভাত বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষ,প্ৰধান আচাৰ্য সকলকো গামোচা মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Leave A Reply