Breaking

ছিপাঝাৰত সাহিত্য অকাডেমী বঁটা প্ৰাপক সাহিত্যিক পদ্মশ্ৰী লীল বাহাদুৰ ছেত্ৰীক সম্বৰ্ধনা

0 78

ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোৰ্খা জনগোষ্ঠীৰ বসতিপ্ৰধান টেকেলীয়া কুৰগ্ৰেন্ট গাঁৱত বৰ্ষীয়ান সাহিত্যিক পদ্মশ্ৰী লীল বাহাদুৰ ছেত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । ১৯৬৪ চনতে চৰকাৰী পঞ্জীয়নভূক্ত ‘নগোঁসাই কৃষিপাম সমবায় সমিতি’ আৰু ‘নগোঁসাই মীন পৰিচালনা সমিতি’ৰ উদ্যোগত আয়োজিত এখন ৰাজহুৱা সভাত গাঁওখনৰ দুয়োটা সংস্থাৰ আজীৱন উপদেষ্টা , গুৱাহাটী উলুবাৰী বি,বৰুৱা ৰোড এলেকাৰ স্থায়ী বাসিন্দা , আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক , ১৯৮৭ চনত নেপালী সাহিত্য বিষয়ত সাহিত্য অকাডেমী বঁটাৰ লগতে বিগত সময়ত বিভিন্ন সাহিত্য কৃতীৰ বাবে বিভিন্ন বঁটা প্ৰাপক আৰু শেহতীয়াকৈ ২০২০ চনত পদ্মশ্ৰী বঁটা প্ৰাপক আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাহিত্যিক লীল বাহাদুৰ ছেত্ৰীক উষ্ম সম্বৰ্ধনা জনোৱা হয় । ৮৯ বছৰীয়া বৰ্ষীয়ান সাহিত্যিক গৰাকীয়ে তেখেতৰ দীঘলীয়া বক্তব্যত সাহিত্যৰ দিশত অতি মূল্যবান বক্তৃতা প্ৰদানৰ লগতে টেকেলীয়া কুৰগ্ৰেণ্ট গাঁৱৰ পুৰণি স্মৃতি বিজড়িত বহু কথা অৱগত কৰে । একেদৰে গাঁওখনৰ পুথিভঁৰাললৈ তেখেতৰ কেইখনমান মূল্যবান গ্ৰন্থ আগবঢ়ায় ।‌ টেকেলীয়া কুৰগ্ৰেন্ট মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক তথা সমবায় আৰু মীন পৰিচালনা সমিতিৰ সভাপতি ভূপাল ছেত্ৰীৰ সভাপতিত্বত আৰু সম্পাদক দুৰ্গা চুব্বাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ ৰাজহুৱা  সভা খনত কুৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা ঐতিহ্যমণ্ডিত সমবায় সমিতিৰ প্ৰাক্তন সভাপতি বল বাহাদুৰ ছেত্ৰী , ভাটি কুৰুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মন বাহাদুৰ ছেত্ৰী , লুইতপৰীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বিকাশ ছেত্ৰী , গ্ৰেন্ট প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক ৰণ বাহাদুৰ ছেত্ৰী , খলিহৈ আঞ্চলিক হাইস্কুলৰ হিন্দী শিক্ষক টংক প্ৰসাদ ভট্টৰায় আৰু অৱসৰী উচ্চ বৰ্গৰ সহায়ক উপেন চন্দ্ৰ নাথ , বাজানা পথাৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ধকমান শ্ৰেষ্ঠ , টেকেলীয়া কুৰ গ্ৰেন্ট মধ্য ইংৰাজী বিদ্যালয়ৰ সহঃশিক্ষক দেৱ কুমাৰ চুব্বা আৰু দিপক কুমাৰ শৰ্মা , সমাজকৰ্মী হিতেশ প্ৰধান , গিৰীন থাপা , দিলীপ ছেত্ৰী , ৰূপক ছেত্ৰী , কুল প্ৰসাদ শৰ্মা আদি উপস্থিত থাকি বৃহত্তৰ টেকেলীয়া কুৰ গ্ৰেন্ট গাঁৱৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন তথা আদৰ্শ গাঁওলৈ ৰূপান্তৰকৰণৰ দিশত নিজস্ব মত ব্যক্ত কৰে । উল্লেখ্য যে , এই টেকেলীয়া কুৰ গ্ৰেন্ট গাঁৱৰ পৰাই বৰ্তমান এগৰাকী কৃতী ছাত্ৰই গৱেষণা কৰি থকাৰ লগতে তিনি গৰাকী কৃতি ছাত্ৰই ক্ৰমে গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰ মেডিকেল কলেজত আৰু চাৰিগৰাকী কৃতি ছাত্ৰই বিভিন্ন ইঞ্জিনিয়াৰীং কলেজত অধ্যয়ন কৰি আছে । তেওঁলোকক আদৰ্শ হাচাপে লৈ নৱ প্ৰজন্মই বাট বুলিব লাগে বুলিও উনুকিয়াই একাধিক বক্তাই ।

Leave A Reply