Breaking

ডিমৌৰ ভাগ্যলক্ষ্মী আঞ্চলিক শিশু কল্যাণ কেন্দ্ৰ‌ৰ দ্বাৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংচন নম্বৰেৰে উত্তীৰ্ণ ২৩ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্দ্ধনা

0 1,216

অসম ভিত্তিক স্বেচ্ছাসেৱী অনুষ্ঠান ভাগ্যলক্ষ্মী আঞ্চলিক শিশু কল্যাণ কেন্দ্ৰই বিগত বছৰ সমূহৰ দৰেই এই বছৰো  হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে ষ্টাৰ আৰু ডিষ্টিংচন নম্বৰেৰে উত্তীৰ্ণ হোৱা স্থানীয় ২৩ গৰাকী ছাত্ৰ ছাত্ৰীক ১৯ ছেপ্টেম্বৰত দোপনীস্থিত কেন্দ্ৰৰ প্ৰশাসনিক কাৰ্যালয়ত সম্বৰ্দ্ধনা জনোৱা হয়। কেন্দ্ৰৰ নৱনিৰ্বাচিত সভাপতি অচ্যুৎ কৃষ্ণ শইকীয়াৰ সভাপতিত্বত  কোবিডৰ নীতি নিৰ্দেশনা পালন কৰি অনুস্থিত হোৱা ২৭ সংখ্যক কৃতী ছাত্ৰ ছাত্ৰীৰ সম্বৰ্দ্ধনা সভাত  মুখ্য অতিথি  হিচপে উপস্থিত থাকে বিশিষ্ট সমাজ কৰ্মী অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰমোদ গোস্বামী, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰৰ সঞ্চালক ৰাজেন বড়া। আদৰণী ভাষণত বড়াই কেন্দ্ৰই জন্ম লগ্নৰে পৰা নিষ্ঠাৰে কৰি অহা বিভিন্ন কামৰ  আলোকপাত কৰে। সভাৰ উদ্দেশ্য ব্যাখা কৰে কেন্দ্ৰৰ সম্পাদক বিৰেণ বকলীয়ালে। সম্বৰ্দ্ধনা সভাত ছাত্ৰ ছাত্ৰীৰ লগতে বহু সংখ্যক অভিভাৱকো উপস্থিত থাকে। সভাত ভাগ্যলক্ষ্মী  আঞ্চলিক শিশু কল্যাণ কেন্দ্ৰৰ গোপাল পাণ্ডেৰ লগতে অন্যান্য বিষয় ববীয়া সকলো উপস্থিত থাকে।  ষ্টাৰ আৰু ডিষ্টিংচন স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্দ্ধনা পত্ৰ আৰু উপহাৰ প্ৰদান কৰা হয়।

Leave A Reply