Breaking

কলিয়াপানীস্থিত আউনীআটী সত্ৰত সত্ৰ প্ৰতিষ্ঠা কালত বিশেষ অৱদান আগবঢ়োৱা পাঁচটাকৈ পৰিয়ালক সম্বৰ্ধনা…

0 156

টীয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰত দেওবাৰে আউনীআটী গোসাঁই ঈশ্বৰ ড৹ পিতাম্বৰ দেৱ গোস্বামী,ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ উপস্থিতিত কলিয়াপানী শাখা সত্ৰভাগি প্ৰতিষ্ঠা কালত আৰ্থিক, কায়িক,মানসিককে ধৰি বিভিন্ন দিশত অৱদান আগবঢ়োৱা সেই সকল ব্যক্তিৰ চৰম ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰি মৰণোত্তৰভাৱে বিশেষ পৰিয়াল পাঁচটিক এক সম্বৰ্ধনা তথা স্বীকৃতি জনোৱাৰ অৰ্থে এক অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।

এই লৈ ভাদমহীয়া নামৰ অনন্ত সত্ৰৰ ভাদমহীয়া নাম পৰিচালনা সমিতিৰ সম্পাদক গজেন ভুঞা মজুমদাৰে আতধৰা উক্ত অনুষ্ঠানত সত্ৰৰ জন্ম লগ্নৰে পৰা জড়িত অসমৰ বিশিষ্ট সমাজকৰ্মী ধীৰেন শইকীয়া,আমগুৰিৰ বিশিষ্ট সমাজকৰ্মী ফনীন্দ্ৰ নেওগ,কলিয়াপানী টিপমীয়াৰ বিশিষ্ট চাহ খেতিয়ক অনন্ত সন্দিকৈ,গৌৰিসাগৰৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী বলোৰাম বৰা আৰু কলিয়াপানী চাংমাই গাৱঁৰ মহেন্দ্ৰ গগৈৰ পৰিয়ালবৰ্গক মৰণোত্তৰভাৱে ৰাজহুৱাকৈ সম্বৰ্ধনা জ্ঞাপন কৰে।লগতে ব্যস্ততা পূৰ্ণ জীৱনৰ মাজতে এইদৰে এতিয়াও পৰিয়ালসমূহে সত্ৰৰ প্ৰতি যি দ্বায়বদ্ধতা প্ৰকাশ কৰিছে তাৰ শলাগ লয় আৰু কেওজন ব্যক্তিৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰে উপস্থিতি সকলোৱে।

Leave A Reply