Breaking

লোকগীত গাই গাই ভোটাধিকাৰ সাব্যস্ত কৰিলে মহিলা ভোটাৰে…

0 18

লোকগীত গাই গাই ভোটাধিকাৰ সাব্যস্ত কৰিলে মহিলা ভোটাৰে।

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে মধ্যপ্ৰদেশত এক ব্যৰ্তিক্ৰমী দৃশ্য দেখা গ’ল । লোকগীত গাই গাই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিল মহিলাসকল । মধ্যপ্ৰদেশৰ বিদিশা লোকসভা সমষ্টিৰ এটা ভোটকেন্দ্ৰত দেখা গ’ল এই ব্যৰ্তিক্ৰমী দৃশ্য । লোকগীত গাই গাই ভোটাধিকাৰ সাব্যস্ত কৰিলে মহিলা ভোটাৰে,দেশত শান্তিপূৰ্ণভাৱে চলি আছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । ইতিমধ্যে অধিক উৎসাহেৰে গণতন্ত্ৰৰ এই উৎসৱত অংশগ্ৰহণ কৰিছে দেশৰ ভোটাৰ ৰাইজে । এই ভোটদান প্ৰক্ৰিয়াত পুৰুষ সকলৰ সমানেই মহিলা সকলেও অংশগ্ৰহণ কৰিছে ।


তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে মধ্যপ্ৰদেশত এক ব্যৰ্তিক্ৰমী দৃশ্য দেখা গ’ল । লোকগীত গাই গাই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিল মহিলাসকল । মধ্যপ্ৰদেশৰ বিদিশা লোকসভা সমষ্টিৰ এটা ভোটকেন্দ্ৰত দেখা গ’ল এই ব্যৰ্তিক্ৰমী দৃশ্য ।ভোটগ্ৰহণ কেন্দ্ৰটোত শাৰী পাতি থিয় হৈ আছিল মহিলা সকল । মহিলাসকলে সেই সময়তে তেওঁলোকৰ পৰম্পৰাগত লোকগীত গোৱা দেখা যায় ।

কেৱল গীত গোৱাই নহয় গীতৰ তালে তালে নচাও দেখা গ’ল মহিলা ভোটাৰ সকলক । অৰ্থাৎ অধিক আনন্দৰে গণতন্ত্ৰ এই মহান উৎসৱত অংশগ্ৰহণ কৰিছে মহিলা ভোটাৰ সকলে।উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ৯৪ টা লোকসভা সমষ্টিত ভোটগ্ৰহণ চলি আছে । ইয়াৰে মধ্যপ্ৰদেশৰ ৮ টা লোকসভা সমষ্টিত চলি আছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ।

Leave A Reply