Breaking

খনামুখৰ ৰঙাজানত গোৰখা সম্প্ৰদায় ৰ তীজ উৎসৱ পালন

0 1,091

বিবাহিত গোৰখা মহিলা সকলৰ পবিত্ৰ   তীজ উৎসৱ আজি পৰম্পৰাগত ভাবে শোণিতপুৰ জিলাৰ অন্তৰ্গত খনামুখৰ ৰঙাজানত অনুষ্ঠিত হয় , প্ৰথম বাৰ্ষিক ৰমাইলো তীজ উৎসৱ । সভাৰ আৰম্ভণিতে সভা উদ্বোধন কৰে  মুখ্য অতিথি তথা বিশিষ্ট সমাজ সেৱক প্ৰাক্তন অধ্যক্ষ (খনামুখ হাই স্কুল )ৰাম প্ৰসাদ  দেবে। ইয়াৰ পাছত অতিথি সকল ৰ চিনাকি  পৰ্বৰ পাছত বন্তি প্ৰজ্বলন কাযাসুচীৰ  আত ধৰে  বিশিষ্ট সমাজ কৰ্মী মোহন উপাধ্যায়ে ,তীজ উৎসৱৰ লগত সঙ্গতি ৰাখি ৰঙাজান অঞ্চল ৰ যুৱতী ৰ দলে  গনেশ চতুৰ্থী উপলক্ষে গনেশ বন্দনা পৰিবেশন কৰে । ইয়াৰ পাছত গাঁৱৰ মহিলা সকলে  নৃত্য ৰে  তীজৰ গীত পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰায়। ইয়াৰোপৰি  অঞ্চলৰ কণ কণ শিশু সকলেও নৃত্য প্ৰদৰ্শন কৰি উপস্হিত দৰ্শকক আমোদ দিয়ে । উল্লেখযোগ্য যে বিশিষ্ট কবি সাহিত্যিক তথা শিক্ষক বিষ্ণু শাস্ত্ৰী ৰ সঞ্চালনত আয়োজন হোৱা এই প্ৰথম বাৰ্ষিক তীজ উৎসৱৰ তাৎপৰ্য ব্যাখ্যা কৰে  মুখ্য অতিথি হিচাপে থকা বিশিষ্ট সমাজ কৰ্মী তথা প্ৰাক্তন শিক্ষক ৰাম প্ৰসাদ দেবে। তীজ উৎসৱৰ চমু ভাষনত তেওঁ উল্লেখ কৰে যে,তীজ উৎসৱ বিশেষ ভাৱে গোৰখা সমাজৰ জীয়ৰি ৱোৱাৰীৰ পবিত্ৰ উৎসৱ । এই উৎসৱত বিবাহিত জীয়ৰি সকলে নিজৰ মাকৰ ঘৰলৈ লৈ আহি সুখ দুখৰ কথা পাতি তৃপ্তি ৰে এসাজ (তীজ) খাই পিছদিনা  গোটেই দিনটো অনাহাৰে থাকি তীজৰ বৰ্ত পালন কৰি  গাৱৰ জীয়ৰী বোৱাৰী লগ হৈ  তীজ উৎসৱ ৰ গীত গাই নাচি  বাগি আনন্দ কৰে । এই দৰে ভাদ মাহৰ দ্বিতীয়া তিথিৰ পৰা তিনি দিনীয়া কাযাসুচীৰ চতুৰ্থী তিথিৰ দিনটোত গাঁৱৰ মহিলা সকল এক লগ হৈ শিৱদেৱতাৰ পুজা অৰ্চনা কৰি পৰিয়ালৰ সকলোৰে দীঘায়ু কামনা কৰে । সভাত কেইবাগৰাকীও বিশিষ্ট অতিথি য়ে  পবিত্ৰ তীজ উৎসৱৰ বিষয়ে তাৎপৰ্য ব্যাখ্যা কৰে।

Leave A Reply