Breaking

চিৰাঙত জেজেএম আনুষ্ঠানিকতাৰ অধীনত এফএইচটিচি উদ্বোধন

0 2,022

মঙলবাৰে চিৰাং জিলাত ডংচিয়াপাৰা নং-২ পাইপযুক্ত পানী যোগান আঁচনি (পিডব্লিউএছএছ) আৰু জল জীৱন মিছনৰ অধীনত দেবৰগাঁও পাইপযুক্ত পানী যোগান আঁচনিত (পিডব্লিউএছএছ) স্থাপন কৰা কাৰ্যকৰী ঘৰুৱা টেপ সংযোগ (এফএইচটিচি) বিজনী বিধান সভাৰ বিধায়ক অজয় কুমাৰ ৰায় আৰু বন, ভূমি আৰু ৰাজহ ক্ষেত্ৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অনুষ্ঠানটোৰ জৰিয়তে বিজনী মহকুমাত মুঠ ১২৫ টা এফএইচটিচি আৰু কোকৰাঝাৰ মন্ডল-২ৰ ৭৫ টা এফএইচটিচি এই আঁচনিৰ অধীনত হিতাধিকাৰীসকলক হস্তান্তৰ কৰা হয়।  কোকৰাঝাৰ ডিভিজন-২ আৰু বিজনী মহকুমাত পৃথকে অনুষ্ঠিত কাৰ্যসূচীসমূহত সহকাৰী কাৰ্যবাহী অভিযন্তা ৰূপেশ্বৰ ব্ৰহ্ম আৰু বদৰুজ জামানে জেজেএমৰ উদ্দেশ্যসম্পৰ্কে সমবেত লোকসকলক অৱগত কৰে আৰু স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়াসকলৰ উপস্থিতিত দেবৰগাঁও পিডব্লিউএছএছ আৰু ডংচিয়াপাৰা নং-২ পিডব্লিউএছএছৰ বিৱৰণ আৰু চিৰাং জিলাত জেজেএমৰ ৰূপায়ণ পৰিকল্পনাৰ বিষয়ে আলোকপাত কৰে। উল্লেখযোগ্য এই আচঁনিৰ দ্বাৰা জনগন উপকৃত হ’ব বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰে।

Leave A Reply