Breaking

কাটাৰত ফুটবলৰ মহাৰণ-ফিফা বিশ্বকাপ ২০২২। মৰুৰ দেশ কাটাৰ পৰিণত হৈছে ৰণাংগনলৈ… 

0 414

অহা ২০ নৱেম্বৰ ২০২২ তাৰিখৰ পৰা ১৮ ডিচেম্বৰলৈ কাটাৰত অনুষ্ঠিত হব বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ফুটবলৰ প্ৰতিযোগিতা ফিফা বিশ্বকাপ। বিশ্বৰ সমাজ, সংস্কৃতি, শিক্ষা ৰাজনীতি, অৰ্থনীতি সৰ্বদিশত বিৰূপ পেলোৱা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতেই আন এখন যুদ্ধৰ বাবে সাজু হৈছে সমগ্ৰ বিশ্ব। কাটাৰত লাহে লাহে ভিৰ কৰিছেহি ফুটবলৰ মহাযুদ্ধাসকলে। উল্লেখযোগ্য যে ইয়াৰ আগতে কেতিয়াও আৰৱত ফিফা বিশ্বকাপ অনুষ্ঠিত হোৱা নাছিল আৰু গোটেই  এছিয়া মহাদেশতো কেৱল এবাৰেই  ২০০২ চনত  জাপান আৰু দক্ষিণ কোৰিয়াত অনুষ্ঠিত হৈছিল।

বিশ্বৰ মুঠ ৩২ খন দেশে এই মহা আয়োজনত অংশগ্ৰহণ কৰিব। মুঠ ৮টা গ্ৰুপত বিভক্ত প্ৰথম খেলখন   অহা ২০নম্বেবৰত নিশা ৯ বজাৰ পৰা আৰম্ভ হ’ব আয়োজিত  দেশ কাটাৰ আৰু ইকোৱেদৰ মাজত। উল্লেখযোগ্য যে বিশ্বৰ আটাইতকৈ দামী ট্ৰফী ফিফা বিশ্বকাপৰ ধনৰ মূল্য হৈছে ৩৪৪কোটি; কিন্তু বেয়া লগা কথাতো হ’ল আমাৰ দেশে আজিলৈকে এই মহাৰণৰত অংশীদাৰ হব পৰা নাই । সকলোৰে আশা-অতি সোনকালে ভাৰতবৰ্ষই এই খেলত অংশগ্ৰহণ কৰিব।

২০ নৱেম্বৰ (দেওবাৰ) কাটাৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ ২০২২ৰ উদ্যোগত ৩২টা দলে ফুটবলৰ আটাইতকৈ সন্মানীয় ট্ৰফী লাভৰ বাবে নিজৰ সকলোখিনি দিবলৈ সাজু হৈছে। বৃহত্তম ফুটবল প্ৰতিযোগিতাখনত ২০২২ চনৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত কিছুমান ডাঙৰ তাৰকাই অংশগ্ৰহণ কৰিব।অৱশ্যে ক্রিষ্টিয়ানো ৰোনাল্ডো (পৰ্তুগাল), নেইমাৰ (ব্ৰাজিল), কাইলিয়ান এমবাপে (ফ্ৰান্স), ৰবাৰ্ট লেৱাণ্ডোস্কি (পোলেণ্ড) আৰু কেভিন ডিৰ দৰে ডাঙৰ নামৰ বাহিৰেও ব্ৰুইন (বেলজিয়াম), আৰু অধিক বিখ্যাত মুখ আছে যিয়ে এই বিশাল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে।

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে কাটাৰ বিশ্বকাপত। কিয়নো এইবাৰ কাটাৰ বিশ্বকাপত দেখা নাযাব ৰাছিয়াৰ ফুটবল দল। কিয়নো পুটিনৰ নিৰ্দেশত ৰাছিয়ান সেনাই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে এই আক্ৰমণ তথা যুদ্ধৰ বিৰোধিতাৰে ফিফাই গ্ৰহণ কৰিছে এক সিদ্ধান্ত। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ বন্ধ নকৰিলে ফিফাত নিষিদ্ধ ৰাছিয়ান ফুটবল। সেই সিদ্ধান্ত অনুসৰিয়েই ৰাছিয়ান ফুটবল দলটো ফিফা বিশ্বকাপত অংশগ্ৰহণৰ পৰা বিৰত থাকিবলগীয়া হৈছে। ফিফাই এক বিবৃতিৰ জৰিয়তে উল্লেখ কৰিছিল- “আমি ইউক্ৰেইনত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে একত্ৰিত হৈছো আৰু আমি তেওঁলোকৰ সৈতে আছো। আমি আশা কৰোঁ যে, ইউক্ৰেইনৰ পৰিস্থিতি সোনকালেই উন্নত হ’ব আৰু ফুটবলে আকৌ এবাৰ জনসাধাৰণৰ মাজত শান্তি আৰু সংহতিৰ সৃষ্টি কৰিব।”ফিফাৰ উপৰিও, ইউৰোপীয় ফুটবল সংস্থা চমুকৈ উৱেফায়ো ৰাছিয়াকো নিষিদ্ধ কৰিছে। ৰাছিয়াৰ ফুটবল ক্লাবসমূহক বিশ্বৰ প্ৰতিটো প্ৰতিযোগিতা আৰু চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ নিষিদ্ধ কৰা হৈছে। একে সময়তে, ৰাছিয়ান ক্লাব স্পৰ্টছ মস্কো ইউৰোপীয় লীগৰ পৰা বাদ পৰিছে।

উল্লেখ্য যে কাটাৰ বিশ্বকাপ ২০২২ৰগ্ৰুপ ‘এ’ত আছে- কাটাৰ, ইকুৱেডৰ, ছেনেগাল, নেডাৰলেণ্ড। গ্ৰুপ ‘বি’ত আছে- গ্ৰুপ বি: ইংলেণ্ড, ইৰাণ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৱেলচ। একেদৰে গ্ৰুপ ‘চি’ত আছে- আৰ্জেণ্টিনা, চৌদি আৰৱ, মেক্সিকো, পোলেণ্ড।গ্ৰুপ ‘ডি’ত- ফ্ৰান্স, অষ্ট্ৰেলিয়া, ডেনমাৰ্ক, টিউনিচিয়া। গ্ৰুপ ‘ই’ত- স্পেইন, কোষ্টা ৰিকা, জাৰ্মানী, জাপান। গ্ৰুপ ‘এফ’- বেলজিয়াম, কানাডা, মৰক্কো, ক্ৰোৱেছিয়া। গ্ৰুপ ‘জি’ত- ব্ৰাজিল, ছাৰ্বিয়া, চুইজাৰলেণ্ড, কেমেৰুন আৰু গ্ৰুপ ‘এইচ’ত আছে পৰ্তুগাল, ঘানা, উৰুগুৱে, কোৰিয়া।

Leave A Reply