Breaking

নতুন দিল্লীত পঞ্চম প্ৰাকৃতিক চিকিৎসা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

0 52

আজি প্ৰাকৃতিক চিকিৎসা দিৱস উপলক্ষে আয়ুষ মন্ত্ৰালয়ৰ সহযোগত ইণ্ডিয়ান নেচাৰ’পেথী অৰ্গেনাইজেচন, সূৰ্য ফাউণ্ডেচনৰ উদ্যোগত নতুন দিল্লীৰ ড° আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত আয়োজিত পঞ্চম প্ৰাকৃতিক চিকিৎসা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তদুপলক্ষে উক্ত প্ৰাঙ্গণত অনুষ্ঠিত নেচাৰ’পেথী তথা আয়ুষ সম্পৰ্কীয় এখন প্ৰদৰ্শনীও পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

আজি ভাষণ প্ৰসংগত সৰ্বানন্দ সোণোৱালে কয়, “নেচাৰ’পেথী হৈছে প্ৰাকৃতিকভাৱে আৰোগ্য লাভৰ এক গুৰুত্বপূৰ্ণ আৰু সহজসাধ্য উপায়। নেচাৰ’পেথীয়ে মানৱ জাতিক ব্যয়সাপেক্ষ নিৰৱচ্ছিন্ন সেৱা আগবঢ়াই আহিছে। নেচাৰ’পেথী ক্ষেত্ৰৰ সৈতে জড়িত সকলোকে আজি প্ৰাকৃতিক চিকিৎসা দিৱসত মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।” লগতে তেওঁ কয়, “আমাৰ পাঁচহাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা-সংস্কৃতিৰ বুকুত নিহিত হৈ আছে বহু প্ৰাচীন পদ্ধতি আৰু ঐতিহ্য, পৰম্পৰা। তাৰেই এটি গুৰুত্বপূৰ্ণ অংশ হৈছে নেচাৰ’পেথী। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনভাৰ লোৱাৰপৰাই দূৰদৰ্শী দৃষ্টিভংগীৰে ভ’কেল ফ’ৰ ল’কেলৰ আহ্বান জনাই আহিছে, যাৰ ফলশ্ৰুতিত বিভিন্ন খণ্ডৰ লগতে নেচাৰ’পেথীকে ধৰি দেশৰ পৰম্পৰাগত চিকিৎসা তথা ঔষধি পদ্ধতিয়ে এতিয়া কেৱল ভাৰততে নহয়, বিশ্বব্যাপী জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। নেচাৰ’পেথী হৈছে স্বাস্থ্যকৰ জীৱন যাপনৰ এক গুণগত দেশীয় প্ৰণালী যাক আজি এক সুস্বীকৃত ঔষধ প্ৰণালী হিচাপে গণ্য কৰা হৈছে। বিভিন্ন প্ৰাকৃতিক থেৰাপীৰে মানুহৰ শাৰীৰিক-মানসিক, আধ্যাত্মিক উৎকৰ্ষ সাধনত নেচাৰ’পেথীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অনাগত দিনবোৰত মানৱ সমাজৰ কল্যাণৰ বাবে নিষ্ঠাৰে সেৱা আগবঢ়াই যাবলৈ এই খণ্ডৰ সৈতে জড়িত সকলোকে মই আন্তৰিক আহ্বান জনাইছোঁ।”

উল্লেখযোগ্য যে, প্ৰাকৃতিক চিকিৎসা দিৱসৰ কিছু দিন পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনেৰ ৰাষ্ট্ৰীয় নেচাৰ’পেথী প্ৰতিষ্ঠান পৰিদৰ্শন কৰিছিল আৰু প্ৰতিষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্র-ছাত্ৰী তথা চিকিৎসকসকলৰ সৈতে মত বিনিময় কৰিছিল। তদুপৰি, প্ৰতিষ্ঠানখনৰপৰা প্ৰায় ২০ কিমি. দূৰত্বত ২৫ একৰ এলেকাত নিৰ্মীয়মান ৰাষ্ট্ৰীয় নেচাৰ’পেথী প্ৰতিষ্ঠানৰ নতুন চৌহদটোৰ কাম-কাজৰো অগ্ৰগতিৰ খতিয়ান লৈছিল সোণোৱালে। প্ৰায় ২০০ কোটি টকা ব্যয়েৰে এই নতুন চৌহদ নিৰ্মাণ কৰি থকা হৈছে।

Leave A Reply