Breaking

অৱশেষত নিযুক্তি দিয়া হ’ল দুগৰাকীকৈ নিৰ্বাচন আয়ুক্তক ! জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সন্ধুক…

0 83


অৱশেষত নিযুক্তি দিয়া হ’ল দুগৰাকীকৈ নিৰ্বাচন আয়ুক্তক। জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সন্ধুক নতুন নিৰ্বাচন আয়ুক্ত নিযুক্তি দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত থকা বাছনি সমিতিয়ে তেওঁলোকৰ নিযুক্তিত অনুমোদন জনাইছে।

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নিৰ্বাচন আয়ুক্ত নিৰ্বাচনৰ বাবে গঠন কৰা সমিতিৰ বৈঠক অনুষ্ঠিত হয়। ইয়াত গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত আছিল। উল্লেখযোগ্য যে লোকসভাত বিৰোধী দলৰ নেতাসকলকো বাছনি সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে।

বৰ্তমান কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অধীৰ ৰঞ্জন চৌধুৰী নিম্ন সদনৰ বিৰোধী দলৰ নেতা। নিৰ্বাচন আয়ুক্ত নিৰ্বাচনৰ বাবে গঠন কৰা সমিতিৰ অংশ অধীৰ ৰঞ্জন চৌধৰীয়ে কয় যে “কমিটীত চৰকাৰৰ সংখ্যাগৰিষ্ঠতা আছে। মই যিয়েই নকওঁ কিয়…চৰকাৰে যি বিচাৰে সেয়াই হ’ব।

Leave A Reply