Breaking

বিত্ত মন্ত্ৰী অজন্তা নেওগৰ শোকবাৰ্তা

0 120

অসমীয়া সাহিত্যজগতৰ এক উজ্জল নক্ষত্ৰ, জ্ঞানপীঠ জয়ী কবি নীলমণি ফুকন দেৱৰ বিয়োগৰ বাতৰিয়ে বাকৰুদ্ধ কৰি তুলিছে। গোলাঘাটৰ দেৰগাঁৱৰ পৰা আৰম্ভ হোৱা, কবিতা আৰু শব্দৰ এক জ্যোতিৰ্ময় যাত্ৰাৰ অন্ত পৰিল। সৰ্বজনশ্ৰদ্ধেয় কবিগৰাকীৰ বিদায়ে কেৱল সাহিত্যই নহয়, আমাৰ সমাজ জীৱনতো গভীৰ শূন্যতাৰ সৃষ্টি কৰিলে।

‘গোলাপী জামুৰ লগ্ন’কে ধৰি অসংখ্য অনুপম সৃষ্টিৰে আমাৰ ভাষাসাহিত্যক চহকী কৰি যোৱা কবি গৰাকী তেঁওৰ সৃষ্টিৰ সম্ভাৰেৰে আমাৰ হৃদয়ত মৃত্যুঞ্জয়ী হৈ ৰ’ব।

এই দুখৰ ক্ষনত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে মহাপ্ৰান কবিগৰাকীৰ আত্মাৰ সদ্গতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ বুলি শোকবাৰ্তা প্ৰেৰণ কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে।

Leave A Reply