Breaking

কোনো ৰাজ্যকে দিয়া নহয় বিশেষ ৰাজ্যৰ মৰ্যাদা- ঘোষণা কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

0 63

ওৰিশা আৰু বিহাৰৰ দৰে ৰাজ্যসমূহে বিশেষ ৰাজ্যৰ মৰ্যাদা দা কৰি অহাৰ সময়তে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে স্পষ্ট কৰি দিয়ে যে কেন্দ্ৰই কোনো ৰাজ্যৰ বাবে “বিশেষ শ্ৰেণীৰ মৰ্যাদা”ৰ কথা নতুনকৈ বিবেচনা নকৰে। ফলত বিহাৰ, ওৰিশাৰ দৰে ৰাজ্যৰ দীৰ্ঘদিনীয়া দাবী একপ্ৰকাৰ অসাৰ হৈ পৰিল। কেন্দ্ৰই ওৰিশাৰ বিশেষ শ্ৰেণীৰ ৰাজ্যৰ মৰ্যাদাৰ বাবে কৰা প্ৰচেষ্টাৰ বিষয়ে বিবেচনা কৰিব নেকি বুলি সোধাত বিত্তমন্ত্ৰী সীতাৰমণে কয়, “চতুৰ্দশ বিত্ত আয়োগে স্পষ্টকৈ কৈছে যে কোনো ৰাজ্যকে বিশেষ মৰ্যাদা দিব নোৱাৰি৷”


বিভাজনৰ পিছত প্ৰাৰম্ভিক বছৰবোৰত বিশেষ শ্ৰেণীৰ মৰ্যাদা দিয়া অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ উদাহৰণক লৈ তেওঁ কয়, “কিন্তু বিত্ত আয়োগে স্পষ্টকৈ কৈছে যে নতুনকৈ আৰু বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়া নহ’ব।”


উল্লেখ্য ওৰিশা আৰু বিহাৰে কেন্দ্ৰই পৃষ্ঠপোষকতা কৰা আঁচনিসমূহত ৯০ শতাংশ পুঁজি লাভ কৰাৰ লক্ষ্যৰে বিশেষ শ্ৰেণীৰ ৰাজ্যৰ মৰ্যাদাৰ বাবে জোৰ দি আহিছে। বৰ্তমানৰ ৰাজ্য কেইখনে কেন্দ্ৰীয় পুঁজিৰ ৬০শতাংশ লাভ কৰি আহিছে।ওৰিশাই সঘনাই হৈ থকা প্ৰাকৃতিক দুৰ্যোগৰ কথা মনত ৰাখি ইয়াক বিশেষ ৰাজ্যৰ মৰ্যাদা বিচাৰি আহিছে।


এই মাহৰ আৰম্ভণিতে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ সময়ত সংসদীয় বিতৰ্কত ভাগ লৈ বিজেপিৰ সাংসদ সম্বিত পাত্ৰই ৰাজ্যসভাত বিষয়টো উত্থাপন কৰিছিল। তেওঁ কৈছিল “যেতিয়াই ওৰিশাত ঘূৰ্ণীবতাহ আহে, ঘৰবোৰ ক্ষতিগ্ৰস্ত হয়। শস্য ধ্বংস হয়।

যেতিয়াই এনে দুৰ্যোগ হয়, কেন্দ্ৰই ওৰিশাক তিনি বছৰৰ বাবে হ’লেও এক বিশেষ কেন্দ্ৰীভূত ৰাজ্য হিচাপে গঢ়ি তোলাৰ কথা বিবেচনা কৰা উচিত আৰু ৯০:১০ অনুপাতত পুঁজি প্ৰদান কৰা উচিত”। ওৰিশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কেও যোৱা বছৰৰ আগষ্ট মাহত নীতি আয়োগ পৰিচালনা পৰিষদৰ বৈঠকত বিষয়টো উত্থাপন কৰিছিল।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও তেওঁৰ ৰাজ্যৰ বাবে বিশেষ শ্ৰেণীৰ ৰাজ্যৰ মৰ্যাদাৰ বাবে হেঁচা দি আহিছে। যোৱা বছৰৰ নৱেম্বৰত নীতিশে বিহাৰ আৰু অন্যান্য পিছপৰা ৰাজ্যসমূহক বিশেষ শ্ৰেণীৰ ৰাজ্যৰ মৰ্যাদা প্ৰদান নকৰাৰ বাবে কেন্দ্ৰক সমালোচনা কৰিছিল।

ইফালে আজি সীতাৰমণে এমজিএনআৰইজিএছৰ বাবে পুঁজি হ্ৰাস আৰু ধান ক্ৰয় হ্ৰাস সন্দৰ্ভত মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ মন্তব্যক ভিত্তিহীন বুলি অভিহিত কৰে। তেওঁ কয় যে এমজিএনআৰইজিএছৰ বাবে পুঁজিৰ আৱণ্টন হ্ৰাস হোৱা নাই। ধান সংগ্ৰহ সন্দৰ্ভত তেওঁ কয়, “আমি ধান আৰু ঘেঁহুৰ ক্ৰয় মুঠেও হ্ৰাস কৰা নাই। ক্ৰয়ৰ পৰিমাণ বৃদ্ধিহে পাইছে। কৃষকসকলে এতিয়া অধিক ধন লাভ কৰিছে”।

Leave A Reply