Breaking

আৰ্থিক অনাটনে শিক্ষাৰ হেঙাৰ হ’ব নোৱাৰে, প্ৰমান কৰি সোণতলীৰ দেখুৱালে ৰুকছানা আজাদে ৷

0 756

দৈনন্দিন বাৰ্তাৰ সেৱা, সোণতলী

আৰ্থিক অনাটনক নেওচি ৮৫.৮৩ শতাংশ নম্বৰ লাভ কৰি সোণতলীক উজলালে ৰুকছানা আজাদে ৷ দক্ষিণ কামৰূপৰ সোণতলীৰ শেলেসুতি প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনি কদভানু বেগমৰ প্ৰথম কন্যা ৰুকছানা আজাদ ৷ পিতৃয়ে সংবাদ মাধ্যমত জৰিত থাকি দেশ তথা ৰাইজৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰি মাহত অন্তত সামান্য পৰিমানৰ মাননি লাভ কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে ব্যাক্তিগত বিদ্যালয়ত অধ্যায়ন কৰা ৰুকছানাৰ পঢ়াৰ খৰচ বহন কৰে ৷  সোণতলীৰ শেলেসুঁতি গাঁৱৰ আবুল কালাম আজাদৰ কন্যা ৰুকছানা আজাদে শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সোণতলী অঞ্চলৰ ভিতৰত সৰ্বচ্চ নম্বৰ লাভ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ ফলাফল অনুসৰি ৰুকছানা আজাদে অসমীয়াত ৭৪, ইংৰাজীত ৮৩, গণিতত ৯৪, সাধাৰণ বিজ্ঞানত ৯৫, সমাজ বিজ্ঞানত ৮৪ আৰু আৰবীত ৮৫ নম্বৰসহ মুঠ ৫১৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ সোণতলীৰ অঞ্চলত সৰ্ব্ব প্ৰথমে স্থাপিত হোৱা আবাবিল শিশু নিকেতনত অধ্যায়ন কৰাৰ লগতে কিছুদিন সোণতলীৰ বন্দেছ আলী মেমোৰিয়েল একাডেমীত অধ্যায়ন কৰিছিল ৰুকছানা আজাদে ৷ পিতৃ-মাতৃয়ে দুবেলা দুমুঠি ভাত যোগাৰ কৰি দিয়াৰ বাহিৰে আন একো বিশেষ সুবিধা কৰি দিব পৰা নাছিল ৰুকছানাক ৷ তাৰ মাজতো অশেষ কষ্টৰে নিজ অধ্যৱসায়ৰ ফলত ভাল ফল দেখুৱাবলৈ সক্ষম হোৱা ৰুকছানা আজাদে আৰ্থিক দৈন্য স্বত্বেও নিজ কক্ষপথৰ পৰা বিচলিত নহৈ উজলাই তুলিলে সোণতলী অঞ্চলক ৷ উল্লেখ্য যে, ছাত্ৰীগৰাকীয়ে টিনপাতৰ বেৰেৰে আবৃত এটি সৰু ঘৰতে থাকিয়ে চাকি নাইবা ম’মবাতিৰ পোহৰত দৈনিক পঢ়া শুনা কৰি ৮৫.৮৩ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে৷ কিন্তু ছাত্ৰীগৰাকীয়ে ভাল ফলাফল লাভ কৰাৰ পিছতো দৰিদ্ৰতাৰ বাবেই উচ্চ শিক্ষাৰ ক্ষেত্ৰত স্বাভাৱিকতেই হয়তো প্ৰতিবন্ধকতাৰ সন্মখীন হ’ব ৰুকছানা আজাদে ৷ যাৰ ফলত উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আৰু অধিক চিন্তিত হৈ পৰিছে পিতৃয়ে ৷ছাত্ৰীগৰাকীৰ এনে সাফল্যক ৰাইজে ভূয়সী প্ৰসংশা কৰাৰ লগতে বিভিন্ন দল সংগঠন, শিক্ষক তথা শুভাকাংশী সকলে ঘৰত উপস্থিত হৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে উজ্জ্বল ভৱিষ্যৎ কামনা কৰে ৷


প্ৰেৰকঃ ৰেজাউল কবিৰ, সোণতলী

Leave A Reply