Breaking

ক’ভিড সন্দৰ্ভত ৰাংলিটিং চাহ বাগিচাৰ বিৰুদ্ধে এজাহাৰ

0 317

ৰাংলিটিং চাহ বাগিচাৰ কৰ্তৃপক্ষই ক’ভিড আক্ৰান্তসকলক কৰা দুৰ্ব্যৱহাৰৰ সংক্ৰান্তত অসম চাহ জনজাতি ছাত্ৰ সন্থাই লাহোৱাল আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰা ঘটনাক সমগ্ৰ অঞ্চলটোত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ উক্ত চাহ বাগিচাত ১২ মে’ তাৰিখে প্ৰায় ৬০ গৰাকী লোক ক’ভিড পজিটিভ হোৱাত বাগিচাখনৰ অগ্নিপথাৰ প্ৰাথমিক বিদ্যালয়ত কোৱাৰেণ্টাইন চেণ্টাৰ খুলি থাকিবলৈ ব্যৱস্থা কৰি দিয়ে৷ উল্লেখযোগ্য যে এইসকল ৰোগীক স্বাস্থ্য পৰীক্ষা, ঔষধ, খাদ্য সামগ্ৰী, বিছনা-পাতিৰ ব্যৱস্থা নকৰি একেটা কোঠাতে পুৰুষ আৰু মহিলা থাকিবলৈ দিয়ে বুলি সংগঠনটোৰ কাৰ্যনিৰ্বাহক সদস্য হেমন্ত কুজুৰে এজাহাৰত উল্লেখ কৰিছে৷ অতি মহামাৰী কৰ’নাক প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে আৰু চৰকাৰী নীতি-নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই ৰাংলিটিং চাহ বাগিচা কতৃৰ্পক্ষই এনে অমানৱীয় কাৰ্যত সংগঠনটোৰ লগতে স্থানীয় সচেতন ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে আৰু বাগিচা কতৃৰ্পক্ষৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে দোষীসকলক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰিবলৈ  দাবী জনাইছে৷

Leave A Reply