Breaking

চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…

0 25

নামভৰ্তি পৰীক্ষাত বহিবলৈ যোৱা ছাত্ৰক তালাচীৰ নামত লগুণ খুলি পেলোৱাৰ অভিযোগ। পাটাছাৰকুছিৰ পৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত প্ৰৱেশ পৰীক্ষা দিবলৈ অহা ছাত্ৰৰ সৈতে সংঘটিত হ’ল এই অনাকাংক্ষিত ঘটনা।ঘটনা হোৱাৰ পিছত অস্বীকাৰ অধ্যক্ষৰ। কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা (চিইউইটি) সময়ত সংঘটিত হোৱা বিতৰ্কিত ঘটনাৰ পিছত এজাহাৰ দাখিল কৰিছে সংগঠনটোৱে।

বজালী জিলাৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে বৰবাটাবাৰী গাঁৱৰ ধৃতিৰাজ বশিষ্ঠ নামৰ এজন ছাত্ৰক লগুণ খুলিবলৈ বাধ্য কৰোঁৱা হৈছিল।

এনেবোৰ ঘটনাই আজিৰ সমাজক অস্থিৰ কৰে ।পাটাছাৰকুছি থানাত দাখিল কৰা এই এহাজাৰৰ ভিত্তিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সংগঠনটো তথা ছাত্ৰজনৰ পৰিয়ালে।

Leave A Reply