Breaking

বাঘজানত পুনৰ জুইঃ পথ অৱৰোধৰে ৰাইজৰ প্ৰতিবাদ, প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ গুলি

0 1,248

গনতান্ত্ৰিক প্ৰতিবাদৰ যেন মূল্য নাই বিজেপি চৰকাৰৰ শাসনৰ দিনত৷ চুৰ- ডকাইত, মাফিয়ালৈ গুলিচালনা কৰি চৰ্চা লাভ কৰা ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে এতিয়া যেন বন্দুকৰ গুলিৰে ৰোধ কৰিব বিচাৰিছে প্ৰতিবাদৰ কণ্ঠ৷ আজি ইয়াৰেই যেন পৰিস্ফুটন দেখিবলৈ পোৱা গল তিনিচুকীয়াৰ বাঘজানত৷ অইলৰ তেল খাদ বিস্ফোৰন হৈ সৰ্বহাৰা হোৱা বাঘজানৰ বহু পৰিয়ালে আজিও নাপালে উচিত ক্ষতিপূৰণ৷ ক্ষতিপূৰণৰ দাবীত গনতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰা বাঘজানৰ নিৰস্ত্ৰ জনতাৰ ওপৰত আজি জপিয়াই পৰিল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী৷ প্ৰতিবাদী জনতাক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কৰিলে গুলিচালনা৷ আৰক্ষীৰ এই গুলিচালনাত আহত হৈছে ৬ গৰাকীকৈ লোক৷ উল্লেখ্য যে, ২০২০ বৰ্ষৰ ২৭ মে’ত তিনিচুকীয়া জিলাৰ বাঘজান গাওস্থিত অইলৰ বিজিআৰ-৫ নং তৈলক্ষেত্ৰত বিস্ফোৰণ সংঘটিত হৈছিল৷ ঘটনাটোৰ দ্বাৰা ক্ষতিগ্ৰস্ত ৰাইজ এতিয়াও ক্ষতিপূৰণ বিচাৰি আজিও হুমুনিয়াহ কাঢ়ি থাকিবলগীয়া হৈছে। ঘটনাৰ ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ প্ৰদান নকৰি অইল আৰু জিলা প্ৰশাসনে এচাম সুবিধাবাদী ঠিকাদাৰক বৃহৎ বৃহৎ অংকৰ পুঁজি মোকলাই দিয়েই দায়িত্ব সামৰা বুলি অভিযোগ উত্থাপন কৰি স্থানীয় ক্ষতিগ্ৰস্ত ৰাইজে বিগত সময়ত বাৰাম্বাৰ সাব্যস্ত কৰি আহিছে প্ৰতিবাদ। বাঘজানৰ বিজিআৰ-৫ নং তৈল খাদত বিস্ফোৰণ ঘটি সংঘটিত অগ্নিকাণ্ডই অঞ্চলটোৰ প্ৰায় ১,৬০০ পৰিয়ালে বিস্তৰ ক্ষয়ক্ষতিৰ সন্মুখীন হৈছিল ৷ ক্ষতিগ্ৰস্ত লোকসকলক আশ্ৰয় শিবিৰত ৰাখি অইল আৰু জিলা প্ৰশাসনে প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক তৎকালীন ক্ষতিপূৰণ, ক্ষতিপূৰণৰ আগধন আৰু এককালীন ক্ষতিপূৰণ মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিপৰ্যন্ত প্ৰায় ১,২০০ টা ক্ষতিগ্ৰস্ত পৰিয়ালে ক্ষতিপূৰণৰ ফুটা কড়ি এটাও নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷ বিপৰীতে বাঘজানৰ কেৱল ৬২৫ টা পৰিয়ালকহে অইল আৰু জিলা প্ৰশাসনে পাকে প্ৰকাৰে সকলোধৰণৰ সুবিধা আদায় দিয়া বুলি অভিযোগ তুলিছে। কিছুদিনৰ পূৰ্বে স্থানীয় ৰাইজে বাঘজান স্থিত অইল খাদৰ সা- সৰমঞ্জানসমূহ আবদ্ধ কৰি অইলে ক্ষতিপূৰণ প্ৰদানৰ পিছতহে সা- সৰমঞ্জান সমূহ হস্তান্তৰ কৰিব পাৰিব বুলি হুংকাৰ দিছিল৷ কিন্তু আজি অইলে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ বিশাল কনভয় লৈ ঘটনাস্থলীত উপস্থিত হৈ অইলৰ গাড়ীকে ধৰি বিভিন্ন সা সৰমঞ্জানসমূহ নিবলৈ উদ্যত হওতেই গাওবাসীৰ প্ৰতিবাদৰ সন্মূখীন হয়৷ গঞা ৰাইজে পথ অবৰোধ কৰি অইলৰ এই কাৰ্য্যত বাধা প্ৰদান কৰাত ডুমডুমা ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ ৰাইজৰ এই আন্দোলন বে আইনী ঘোষনা কৰে৷ আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চালনা কৰে৷ প্ৰতিবাদকাৰী জনতাই উত্তেজিত হৈ আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাত আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবৰ বাবে কন্দোৱা গেছ প্ৰয়োগ কৰাৰ লগতে গুলিচালনা কৰে৷ আৰক্ষীয়ে প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি বহুকেইজাই গুলি চালনা কৰে৷ এই ঘটনাত আৰক্ষীৰ মতে, এজন লোক আহত হৈছে যদিও গাওবাসীয়ে ৬ গৰাকীকৈ লোক আহত হৈছে বুলি দাবী কৰিছে৷ আহতসকল ক্ৰমে- ৰন্তু মৰাণ( ২০), বৰ্ণালী মৰাণ( ৩৫), কেহুধৰ হাজৰিকা( ৩৬), ধনেশ্বৰ বৰা( ৪২), বিনোদ মৰাণ( ৪০) আৰু প্ৰকাশ হাজৰিকা( ২৬) বুলি জানিব পৰা গৈছে৷ আহতসকলক ইতিমধ্যে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্টি কৰোৱা হৈছে৷ প্ৰতিবাদকাৰীসকলৰ মটৰ চাইকেল, চাইকেলসমূহ আৰক্ষীয়ে জব্দ কৰি থানালৈ লৈ যায়৷ আনফালে, ৰাইজৰ শিলাবৰ্ষনত অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ এখন গাড়ী ক্ষতিগ্ৰস্থ হৈছে৷ পৰবৰ্তী সময়ত পৰিস্থিতি শাম কাটে যদিও অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে৷ আৰক্ষীয়ে চুৰ ডকাইটৰ দৰে প্ৰতিবাদী নিৰস্ত্ৰ জনতালৈ গুলিচালনা কৰাতো কিমানদূৰ যুক্তিসংগত বুলি প্ৰশ্ন কৰিছে সচেতন মহলে৷

Leave A Reply