Breaking

শিলচৰত ৰৈ থকা গেছ পৰিবাহী এখন টেংকাৰত অগ্নিকাণ্ড…

0 19

শিলচৰত ৰৈ থকা গেছ পৰিবাহী এখন টেংকাৰত অগ্নিকাণ্ড। টেংকাৰখনৰ পৰা জুই আৰু ধোৱা ওলোৱা মাত্ৰকে পেট্ৰ’ল পাম্পত থকা লোক সকলৰ মাজত হুলস্থুলৰ সৃষ্টি হয়।

 পৰৱৰ্তী সময়ত ঘটনাস্থলীত দুখন অগ্নি নিৰ্বাপক বাহিনীৰ‌ গাড়ী উপস্থিত হৈ টেংকাৰখনৰ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। অৱশ্যে,সেই সময়ত টেংকাৰখনত কোনো লোক নাছিল বুলি জানিবলৈ দিয়ে স্থানীয় লোকে।

তাৎক্ষণিকভাৱে পেট্ৰ’ল পাম্পৰ পৰা জ্বলন্ত টেংকাৰখন টানি পথলৈ লৈ অনা হয় ফলত কথমপি ৰক্ষা পৰে পেট্ৰ’ল পাম্পৰ সমীপৰ কেবাখনো দোকান আৰু অন্যান্য যানবাহন সমূহ।

Leave A Reply