Breaking

শ্যামপুৰৰ বদলি চৰত ভয়াবহ অগ্নিকাণ্ড

0 1,239

দৰঙৰ শ্যামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বদলি চৰ গাঁৱত সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড । আব্দুল গফুৰৰ ঘৰত গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ অগ্নিকাণ্ডৰ সুত্ৰপাত হয় । যোৱা কালি ( শুক্ৰবাৰে ) দিনৰ ১ মান বজাত সংঘটিত অগ্নি কাণ্ডৰ ফলত নিমিষতে ভস্মীভূত হয় কেইবাটাও বাসগৃহৰ লগতে ঘৰত থকা বিভিন্ন আজবাব , গুৰুত্বপূৰ্ণ নথি পত্ৰৰ লগতে নগদ ধন  জুইত জাহ যায় । লগে লগে খবৰ দিয়া হয় অগ্নি নিৰ্বাপক বাহিনীক । অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলিত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নোমোৱাবলৈ সক্ষম হয় যদিও প্ৰায় ৭ লক্ষাধিক টকাৰ সা সম্পত্তিৰ ক্ষতিসাধন হোৱা বুলি ভোক্তভোগী পৰিয়ালে জানিবলৈ দিয়ে । আনহাতে জুই নোমোৱাবলৈ আগবাঢ়ি যোৱাত ছহিদুল ইছলাম নামৰ যুৱক এজন গুৰুতৰ ভাৱে আহত হয় । আহত যুৱক জনক ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।  বিস্ফোৰণ হোৱা গেছ চিলিণ্ডাৰৰ কিছু অংশ চিটিকি যুৱক জনৰ হাতত লগাত হাতৰ দুখন আঙুলি চিঙি যায় ।  বৰ্তমান মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে ছহিদুল ইছলাম ।  উল্লেখযোগ্য যে আব্দুল গফুৰৰ ঘৰত লগা জুই কাষৰ ছাইদুৰ ৰহমানৰ ঘৰতো বিয়পি পৰে । দুটাকৈ পৰিয়ালৰ  ঘৰত থকা ধান চাউল সম্পূৰ্ণ জুইত জাহ যায় । বৰ্তমান পৰিয়াল দুটাৰ ঘৰত খাবলৈ এমুঠি চাউল পৰ্যন্ত নাই । শ্যামপুৰ গাওঁ পঞ্চায়তৰ সভাপতি মফিদুল ইছলাম উক্ত ঠাইত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে কিছু আৰ্থিক অনুদান আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে । পৰিয়াল দুটাক আৰ্থিক বাবে সহায় সহযোগিতা আগবঢ়াবলৈ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ ওচৰত কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজৰ লগতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলাৰ সাধাৰণ সম্পাদক নুৰ মহাম্মদ আলীয়ে ।

Leave A Reply