Breaking

নগাঁৱত গুলীচালনাৰ ঘটনা : টাটা ডি আই গাড়ীৰে অহা পাঁচ যুৱকক আটক : অভিযান অব্যাহত

0 1,433

আজি সন্ধ্যা নগাঁও ৰূপহী পথাৰৰ ম’হখুলি-পলাশনিৰ মাজত আৰক্ষীয়ে এখন বাহনলৈ লক্ষ্য কৰি গুলি চালনা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, এ এছ ০৭ বি চি ২২৪৬ নম্বৰৰ টাটা ডি আই বাহন খনলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলি চালনা কৰে। এই গুলি চালনাৰ ঘটনাত কোনো লোকে আহত হোৱা নাই যদিও আৰক্ষীয়ে ৫ জন যুৱকক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, মৰিগাঁৱৰ পৰা অহা এই গাড়ীখন মৰিগাঁৱৰ আৰক্ষীয়ে পিছা কৰি আহি নগাঁও আৰক্ষীৰ সহযোগত ম’হখুলি আৰু পলাশনিৰ মাজত গাড়ীখনলৈ গুলি চালনা কৰি ৰখাবলৈ সক্ষম হয়। আৰক্ষীয়ে বাহনখনত অহা ৫ জন যুৱকক আটক কৰি নগাঁও সদৰ আৰক্ষী থানালৈ আনি জেৰা অব্যাহত ৰাখিছে। ইয়াৰে এজনক লৈ আৰক্ষীয়ে  অভিযান অব্যাহত ৰাখিছে। আৰক্ষীয়ে এই ক্ষেত্ৰত বিশেষ একো কব বিচৰা নাই যদিও এক সূত্ৰই জনোৱা মতে বাহন খনত শাক-পাচলিৰ মাজত বুজন পৰিমাণৰ ড্ৰাগছ পোৱা গৈছে।শাক-পাচলিৰ ব্যৱসায়ৰ চলেৰে কৰিছিল ড্ৰাগছৰ সৰবৰাহ সন্দেহত আটকাধীন  যুৱককেইজন ক্ৰমে- ছাইদুল হক, ছফিকুল আলী, নুৰুল হক চৌধুৰী, চাইদুল আলী আৰু চাদ্দাম হুছেইন ।যুৱককেইজনৰ ঘৰ লক্ষীমপুৰ জিলাৰ শিয়ালমাৰীত বুলি জানিব পৰা গৈছে।

Leave A Reply