Breaking

অলিম্পিকৰ প’ডিয়ামত প্রথম অসমীয়া লাভলীনা

0 2,187

বিশ্বৰ সর্ববৃহৎ ক্রীড়া সমাৰোহ অলিম্পিকৰ প’ডিয়ামত প্রথমবাৰ দেখিবলৈ পোৱা গ’ল এগৰাকী অসমৰ ক্রীড়াবিদ৷ অসমৰ ৩ কোটি ২০ লাখ জনসাধাৰণক গৌৰৱান্বিত কৰি টকিঅ’ অলিম্পিকৰ প’ডিয়ামত অসমৰ লাভলীনা বৰগোহাঁইৰ শিৰত উজলিল ব্রঞ্জৰ পদক৷ মহিলাৰ ৱেল্টাৰৱেইট শাখাৰ ছেমিফাইনেলত পৰাস্ত হৈ ব্রঞ্জৰ পদকৰ গৰাকী হোৱা গোলাঘাটৰ প্রতিভাৱান বক্সাৰগৰাকীয়ে স্বর্ণজয়ী তুর্কীৰ বাছেনাজ ছার্মেনেলী, ৰূপ জয়ী চীনৰ গু হং আৰু ব্রঞ্জ জয়ী আনগৰাকী খেলুৱৈ আমেৰিকাৰ অ’ছাই জ’নছৰ সৈতে অলিম্পিকৰ প’ডিয়ামত থিয় হৈ পদক গ্রহণ কৰে৷ মন কৰিবলগীয়া যে ছেমিফাইনেলত পৰাস্ত হৈ লাভলীনাই ব্রঞ্জৰ পদকতে সন্তুষ্ট থাকিলেও অসমৰ বাবে তেওঁৰ এই সাফল্য ঐতিহাসিক আৰু ৰাজ্যৰ ক্রীড়া জগতৰ বাবে বৃহৎ প্রাপ্তি৷ এতিয়ালৈকে মাত্র পাঁচগৰাকী অলিম্পিয়ান সৃষ্টি কৰিবলৈ সক্ষম হোৱা অসমৰ ক্রীড়া জগতৰ বাবে লাভলীনাৰ ব্রঞ্জৰ পদক স্বর্ণতকৈও অধিক মূল্যৱান আৰু গুৰুত্বপূর্ণ৷

ইয়াৰ পূর্বে ফুটবলাৰ ডাঃ টি আও, শ্বাটলাৰ দীপাংকৰ ভট্টাচার্য, আর্চাৰ জয়ন্ত তালুকদাৰ আৰু বক্সাৰ শিৱ থাপাই বিশ্বৰ সর্ববৃহৎ ক্রীড়া সমাৰোহ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰিছিল যদিও পদকৰ কাষ চাপিব পৰা নাছিল৷ কিন্তু গোলাঘাটৰ বৰপথাৰৰ জীয়ৰীয়ে ৰাজ্যৰ ক্রীড়া ইতিহাসত সোণালী অধ্যায়ৰ সূচনা কৰি টকিঅ’ অলিম্পিকৰ পৰা দেশলৈ কঢ়িয়াই আনিলে ঐতিহাসিক ব্রঞ্জৰ পদক৷ ইফালে টকিঅ’ত ঐতিহাসিক সাফল্যৰে উজলি উঠা অসম কন্যা লাভলীনা সোমবাৰে দেশলৈ উভতিব৷ নতুন দিল্লীত কেন্দ্রীয় ক্রীড়ামন্ত্রীৰ সম্বর্ধনা গ্রহণ কৰি তেওঁ মঙলবাৰে গৃহভূমি অসমলৈ অহাৰ কথা৷ ১৫ আগষ্টত লালকিল্লাত অনুষ্ঠিত হ’বলগীয়া দেশৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানতো অসম কন্যা উপস্থিত থাকিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টকিঅ’ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰা সকলো ক্রীড়াবিদক স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ জনাইছে৷

Leave A Reply