Breaking

‘ফাৰ্ষ্ট বি এন এছ এছ বি’ৰ পৰিৱেশ প্ৰেমৰ নিদৰ্শন

0 1,109

বৃহত্তৰ ওৰাং অঞ্চলত নৱেম্বৰ মাহৰ ভিতৰত ১০০০ মূল্যবান গছপুলি ৰোপনৰ লক্ষ্যৰে এক বিৰামহীন অভিযান চলাইছে ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ শিবিৰত থকা ‘ফাৰ্ষ্ট বি এন এছ এছ বি’য়ে ।অঞ্চলটোৰ শিক্ষানুষ্ঠান, ধৰ্মানুষ্ঠান,অন্যান্য  বিভিন্ন ৰাজহুৱা অনুষ্ঠান আদিত উপস্থিত হৈ সামৰিক কোম্পানীটোৱে সহকাৰী কমাণ্ডেণ্ট অনন্ত কুমাৰ চৌধুৰীৰ  নেতৃত্বত নিজহাতে ইতিমধ্যে মূল্যবান গছপুলি ৰোপণ কৰি প্ৰকৃতি-পৰিৱেশ প্ৰেমৰ নিদৰ্শন প্ৰদৰ্শন কৰি আহিছে । ইয়াৰে আদৰণীয় অংশ ৰূপে আজি স্থানীয় বগৰীবাৰী,চমুৱা গাঁও আৰু ভোগদলত অৰ্জুন,নাহৰ ,বকুল ,নিম ,শিলিখা আদি ২৫০ মূল্যবান গছপুলি ৰোপণৰ হেতু 8 গাঁৱৰ ৰাইজক বিতৰণ কৰে । সামৰিক কোম্পানীটোৰ এই প্ৰকৃতি-পৰিৱেশ প্ৰেমক আদৰণিৰে শলাগ লৈছে অঞ্চলবাসীয়ে ।

Leave A Reply