Breaking

বামুনজুলিত ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্ন

0 59

বামুনজুলিত ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্ন ৷ ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা বৃহস্পতিবাৰে বামুনজুলি স্বৰ্ণ সাহিত্য সভাৰ আতিথ্যত লক্ষ্মীনাথ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা হয়।জিলা সাহিত্য সভাৰ সভাপতি গৌৰী শংকৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে জিলা সাহিত্য সভাৰ সম্পাদক নিৰ্মল নাথে আৰু বামুনজুলি সাহিত্য সভাৰ সভাপতি নবীন চন্দ্ৰ দাসে আদৰণি ভাষণ দিয়ে।অসমৰ প্ৰসিদ্ধ সংগীত শিল্পী সুদক্ষিণা শৰ্মা ,বিশিষ্ট সাংবাদিক মনজিৎ মহন্ত ,টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, সাংবাদিক ডঃ কেশৱ চন্দ্ৰ দত্ত প্ৰমুখ্যে জিলা তথা অসমৰ জ্ঞাত- অজ্ঞাত প্ৰয়াণ হোৱা ব্যক্তিসকললৈ এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি শ্ৰদ্ধাৰ জনায়।বামুনণজুলি সাহিত্য সভাৰ শিল্পীসকলে সমবেত সংগীত পৰিৱেশন কৰা সভাত বিগত সভাৰ কাৰ্যবিৱৰণী পাঠ কৰে জিলা সম্পাদক নিৰ্মল নাথে।

অসম সাহিত্য সভাৰ মঙ্গলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক সৎৰাম ডেকা আৰু সাংগঠনিক সম্পাদক গৌতমানন্দ গোস্বামীয়ে নিষ্ক্ৰিয় শাখা সক্ৰিয়কৰণ,নতুন শাখা গঠন ,সুহৃদ পৰিয়াল, স্থায়ী বিত্তীয় নিধি ,কুঁহি ,ৰামধেনু, আকাশ অনুষ্ঠান অনুষ্ঠিতকৰণ,সাহিত্য চৰ্চাৰ বাবে সাহিত্য চ’ৰা,কৃতি ছাত্ৰ -ছাত্ৰীক অভিনন্দন,আজীৱন সভ্য বৃদ্ধি ,বিভিন্ন অনুষ্ঠান বিদ্যালয় অনুষ্ঠিত কৰা,সাংগঠনিকভাৱে সবল শক্তিশালী কৰা ইত্যাদি বিভিন্ন দিশ সম্পৰ্কে জিলা সাহিত্য সভা তথা ৩২ খন শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকলক সাৱলীলভাৱে ব্যাখ্যা কৰে লগতে সাহিত্য সৃষ্টিৰ বাতাবৰণ গঢ়াৰ বাবেও দিহা পৰামৰ্শ আগবঢ়ায়।ওদালগুৰি শাখা সাহিত্য সভাৰ হৈ সম্পাদক অখিল কলিতা ,সভাপতি মেঘমালা সূত্ৰধাৰে কেন্দ্ৰীয় জনগোষ্ঠীয় সমাৰোহ চলিত বৰ্ষৰ অক্টোবৰত ওদালগুৰিত অনুষ্ঠিত কৰণ, টংলা সাহিত্য সভাৰ সম্পাদক দিবাকৰ বৰাই জিলা সাহিত্য সভাৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা , কেন্দুকলাই সাহিত্য সমাজৰ সভাপতি প্ৰতাপ চন্দ্ৰ ভট্টাচাৰ্যই সুধাকন্ঠ ভূপেন হাজৰিকা স্মৃতি দিৱস উদযাপন,শ্ৰীশ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ সভাপতি তৰুণ আজাদ ডেকাই লোকসংস্কৃতিৰ কৰ্মশালা , ভূঞাখাট সাহিত্য সভাৰ সভাপতি কমলেশ্বৰ শৰ্মাই জিলা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন ,শিল্পী দিৱস উদযাপন ২০২৪ চনৰ ১৭ জানুৱাৰীত আমন্ত্ৰণ কৰা হৈছে বুলি জিলা সাহিত্য সভাক অৱগত কৰে।আনহাতে চলিত বৰ্ষৰ ২৭ ডিচেম্বৰত প্ৰতিখন শাখাই অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ সভাই অনুৰোধ কৰে শাখাসমূহক।

জিলা প্ৰতিনিধি গৌতম জ্যোতি তালুকদাৰে ভাষণ দিয়া সভাত আকাশ উপসমিতিৰ আহ্বায়িকা অৰ্পণা হাজৰিকা কলিতাই স্বৰচিত কবিতা পাঠ কৰি ৰাইজক আমোদ দিয়ে ।কাৰ্যনিৰ্বাহক সভাখনত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ডঃ পবিত্ৰ শৰ্মা ,বিশিষ্ট কবি ঘটেশ্বৰ বৰুৱা ,জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিত্ৰয় মাণিক চন্দ্ৰ শৰ্মা ,তাৰানাথ কলিতা ,পুনুৰাম কলিতা ,প্ৰাক্তন উপসভাপতি আদিত চন্দ্ৰ কলিতা ,বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৌতম দত্ত চৌধুৰী , সহকাৰী সম্পাদক তপেশ্বৰ ৰাভা , বৰ্তমানৰ উপসভাপতি ভদ্ৰকান্ত শৰ্মা , সহকাৰী সম্পাদক ৰূপম ডেকা ,৩২খন শাখাৰ সভাপতি, সম্পাদক ,কবি সন্মিলনৰ আহ্বায়ক জ্যোতিপ্ৰসাদ কলিতা ,সাংগঠনিক সম্পাদক নিবাৰণ ৰাভা,পত্ৰিকা সম্পাদক দ্বীপেন বৰা ,সাংবাদিক পেঞ্চনাৰ ইমৰাণ হুছেইন ,আজীৱন সভ্য কোষৰ সম্পাদক হিতেশ শৰ্মা কুঁহি ,ৰামধেনু ,যুৱ সংসদৰ আহ্বায়ক ,জিলা প্ৰতিনিধিসকল উপস্থিত থাকে।

Leave A Reply