Breaking

SBPLৰ উদ্যোগত প্ৰথম খবৰৰ আন্তৰ্জাতিক নাৰী দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান ! গীত-মাতেৰে মুখৰিত হ’ল গুঞ্জৰিত ফাগুনৰ বিশেষ সন্ধ্যা…

0 17

SBPLৰ উদ্যোগত প্ৰথম খবৰৰ আন্তৰ্জাতিক নাৰী দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান

গীত-মাতেৰে মুখৰিত হ’ল গুঞ্জৰিত ফাগুনৰ বিশেষ সন্ধ্যা

অসমৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান প্ৰথম খবৰে ৭ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰাক আন্তৰ্জাতিক নাৰী দিৱস আড়ম্বৰপূৰ্ণভাৱে মহানগৰীৰ হোটেল ডায়েস্কোত যোৱা ৩ মাৰ্চ তাৰিখে অনুষ্ঠিত কৰে। সন্ধিয়া ৫বজাৰ পৰা অনুষ্ঠিত উক্ত অনুষ্ঠানৰ বন্তি প্ৰজ্বলনেনে শুভ উন্মোচন কৰে ডি ৱাই 365ৰ পৰিচালন সঞ্চালক দীপান্বিতা জয়ছোৱালে। মেনেজিং এডিটৰ কমল কুমাৰে আদৰণি ভাষণেৰে উপস্থিত ৰাইজক সন্মোহিত কৰাৰ লগতে ভাষণ প্ৰসংগত কয় যে, ‘নাৰী শক্তিয়েহে সমাজৰ অগ্ৰণী ভূমিকা পালন কৰে লগতে নাৰীক এপাহি সুগন্ধি গোলাপৰ সৈতে তুলনা কৰি ৰামায়ণৰ সীতা দেৱী, দেৱী দুৰ্গা, সতী সাবিত্ৰী, বেউলা লক্ষীন্দৰ, জয়মতীৰ উদাহৰণেৰে নাৰীক মহীয়সি, সৃষ্টিশীলা বুলি কয়।

উক্ত অনুষ্ঠানত সমাজ, সংস্কৃতি আৰু সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত অৱধাৰিতভাৱে সেৱা আগবঢ়োৱা বহু কেইগৰাকী নাৰীক ক্ৰমে- অধ্যাপিকা, মডেল ড° মৰমী মাইবাংচা, লেখিকা, শিক্ষয়িত্ৰী নম্ৰতা দেৱী, মাৰোৱাৰী হাস্পতালৰ নাৰ্চিং অধীক্ষক জুবিদা ৰিনঝা, লেখিকা, ৰুক্মিণী কলিত‍া, মাইণ্ডড’মেইন প্ৰাঃ লিঃৰ পৰিচালন সঞ্চালক লিপিকা নাথ, লেখিকা সাংবাদিক দৰ্শনা বৰুৱা, লেখিকা, শিক্ষয়িত্ৰী তন্দ্ৰালী মূৰ্চনা, মডেল, মেকআপ আৰ্টিষ্ট, কুকিং এক্সপাৰ্ট প্ৰীতি দাসগুপ্তা, সাঁতোৰ প্ৰশিক্ষক চোনিয়া শ্বাহনাজ মজুমদাৰ, অধিবক্তা, সাঁতোৰবিদ জিনতউৰ ৰহিম মজুমদাৰ, লেখিকা গাৰ্গী ভূঞা, লেখিকা অংকুৰিতা ফুকনক বঁটা প্ৰদান কৰা হয়। আনহাতে উক্ত অনুষ্ঠানতে বি.এম.ডি. পেকেজিংৰ স্বত্বাধিকাৰী মাধৱ দাস, লেখক বিপিন চন্দ্ৰ কলিতা, অভিনেতা বিপ্লৱ বৰদলৈ আৰু মাৰোৱাৰী হাস্পতালৰ পি.আৰ.অ’ অনুপম লস্কৰক বঁটা প্ৰদান কৰাৰ লগতে গুৱাহাটীস্থিত মাৰোৱাৰী হাস্পতাললৈ শ্ৰেষ্ঠ হাস্পতালৰ বিশেষ বঁটা আগবঢ়োৱা হয়।

বিশিষ্ট অভিনেত্ৰী চেতনা দাস, SBPLৰ সঞ্চালক হৰভেছ কুমাৰ, বিশিষ্ট সমাজসেৱক ৰাজু সাহানী, অভিনেতা যতীন বৰা, নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱা, মাৰোৱাৰী হাস্পতালৰ অধীক্ষক ৰোহিত উপাধ্যায়, জ্যেষ্ঠ সাংবাদিক, ড° কুমুদ দাস, অসমীয়া বোলছবিৰ প্ৰযোজিকা নৱনীতা শৰ্মা বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা উক্ত অনুষ্ঠানত যুৱ সাংবাদিক, লেখিকা ডিম্পী ভৰালীৰ শীঘ্ৰেই প্ৰকাশ পাবলগীয়া গ্ৰন্থ ‘সঠিক পথৰ সন্ধান’ৰ বেটুপাত উন্মোচন কৰা হয়।

গীত-মাত, নৃত্যৰে উজ্জ্বীৱিত এই অনুষ্ঠানত মডেল প্ৰীতি দাসগুপ্তাৰ নেতৃত্বত পৰম্পৰাগত সাজেৰে মডেলিং শ্ব’ অনুষ্ঠিত কৰাৰ লগতে সংগীত নাটক অকাডেমী বঁটা প্ৰাপক জ্বলীমণি শইকীয়াৰ নেতৃত্বত সত্ৰীয়া নৃত্যৰ অনুষ্ঠান, নৃত্যশিল্পী ডলী ডেকাৰ নেতৃত্বত বিহুনৃত্য, কন্ঠশিল্পী ৰিতুপম লস্কৰৰ গীতৰ শৰাই, হৃষী কাশ্যপৰ সংগীতানুষ্ঠানে সকলোকে সমৃদ্ধ কৰে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক, ৰুবুল দাস, লেখিকা ড° গীতালি শইকীয়া, ড° স্বৰ্ণলতা নাথ, অধ্যাপক ড° চন্দন হালৈ, লেখিকা বৰষা কাশ্যপ, জোনমণি হাজৰিকা, জুয়েল হক চৌধুৰী উপস্থিত থাকে। ময়ুৰী দত্তই আঁত ধৰা উক্ত অনুষ্ঠানত সহস্ৰাধিক লোক উপস্থিত থকাৰ লগতে বহুকেইগৰাকী বৰণ্য ব্যক্তিক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়।

Leave A Reply