Breaking

ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ব্যক্তিগত খণ্ডৰ মহাকাশযান প্ৰেৰণ; প্ৰেৰণ কৰিব হায়দৰাবাদৰ এটা প্ৰতিষ্ঠানে

0 64

ভাৰতৰ পৰা পোনপ্ৰথমবাৰৰ বাবে ব্যক্তিগত খণ্ডৰ মহাকাশযান প্ৰেৰণ কৰিব হায়দৰাবাদৰ স্কাইৰুট এৰ’স্পেচে। দ্যা প্ৰাৰম্ভ মিছন নামেৰে চলোৱা এই প্ৰকল্পটোৱে নৱেম্বৰৰ দ্বিতীয় সপ্তাহতে এখনি ৰকেট মহাকাশলৈ প্ৰেৰণ কৰিব।

বিক্ৰম-এছ নামৰ এই ৰকেটখন ভাৰতৰ ব্যক্তিগত খণ্ডৰ দ্বাৰা নিৰ্মিত প্ৰথমখন মহাকাশযান হিচাপে পৰিগণিত হৈছে।

ইয়াৰ আগলৈকে দেশৰ মহাকাশযানসমূহ চৰকাৰী সংস্থা ইছৰোৱে প্ৰেৰণ কৰি আছিল। এতিয়া ব্যক্তিগত প্ৰতিষ্ঠানটোৱে মহাকাশযান প্ৰেৰণ কৰাটো ঐতিহাসিক হিচাপে বিবেচিত হৈছে।

বৰ্তমানলৈকে প্ৰতিষ্ঠানটোৱে মহাকাশযান প্ৰেৰণৰ তাৰিখ বিতংভাৱে জনোৱা নাই। কিন্তু প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ হৈছে।

শ্ৰীহাৰিকটা নামৰ এটা দ্বীপত অৱস্থিত সতীশ ধাৱান স্পেচ চেণ্টাৰৰ পৰা এই যানখন প্ৰেৰণ কৰা হ’ব। প্ৰকল্পটোক লৈ বাংগালুৰুৰ প্ৰতিষ্ঠানটো উৎসাহিত হৈ পৰা তেওঁলোকে জনাইছে।

Leave A Reply