Breaking

নগৰবেৰাত বিল-জলাশয়ত উঠিছে মাছৰ উজান

0 63

নগৰবেৰাত বানপানী শুকোৱাৰ পাছত বিল-জলাশয়ত উঠিছে মাছৰ উজান

বৃদ্ধাৰ পৰা কনমানি শিশুলৈকে হাতে-হাতে জাল-জাকৈ লৈ সমূহীয়া মৎস্য চিকাৰত ব্যস্ত সকলোৱেএই দৃশ্য নগৰবেৰাৰ প্ৰতিবেশী শিমলীতোলাৰ এটা জলাশয়ৰ,

শ শ পুৰুষ-মহিলা হাতে-হাতে জাল-জাকৈ লৈ পানীত নামিছে মাছ-পুঠি বিচাৰি নাই দুখ-ভাগৰ ,নাই জিৰণি লক্ষ্য মাথো বিলৰ মাছেৰে এহাজ তৃপ্তিৰে খোৱাৰ স্মৰ্তৱ্য যে প্ৰতিবছৰে এই ধৰণে বানপানী শুকোৱা মাত্ৰেই হিলদল ভাঙি সকলো পানীত নামে মাছৰ সন্ধানত আনন্দমগণ পৰিৱেশ, কোনোৱে পাইছে খালৈ ভৰাই ,কোনো জনে নামমাত্ৰ ,পিছে পোৱা নোপোৱালৈ কোনো কথা নাই, এয়াই একতাৰ এনাজৰী

পাৰস্পৰিক মিলাপ্ৰীতিৰে সকলো আজি উলাহ মগন মৎস্য চিকাৰত , কিয়নো দহৰ লগত লগ লাগি এনে সমূহীয়া ব্যস্ততাৰ মাদকতা কেনে ,সেয়া পানীত নমা সকলেহে ভালকৈ বুজে !

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট

Leave A Reply