Breaking

ৰাইচিৰ মৃত্যুত ইৰাণত পাঁচদিনীয়া ৰাষ্ট্ৰীয় শোক; ভাৰততো পালন এদিনীয়া শোক…

0 14

হেলিকপ্টাৰ দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচি আৰু দেশখনৰ বৈদেশিক মন্ত্ৰী আমিৰ-আব্দুল্লাহিয়ানৰ মৃত্যুত শোকৰ ছাঁ পৰিছে। তেওঁলোকৰ মৃত্যুত ভাৰতেও শোক প্ৰকাশ কৰিছে। ভাৰত চৰকাৰে এই দুগৰাকী বিশিষ্ট ব্যক্তিৰ মৃত্যুত তেওঁলোকৰ বিদেহ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই মঙলবাৰে সমগ্ৰ দেশতে এদিনীয়া ৰাষ্ট্ৰীয় শোক পালনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। ইন্টাৰনেশ্যনেল ডেস্ক, ২০ মে’ : দেওবাৰে হেলিকপ্টাৰ দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ মৃত্যুৰ পিচত দেশখনৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ চৈয়দ আলী খামেনিয়ে ইৰাণত পাঁচদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচি আৰু দেশখনৰ বৈদেশিক মন্ত্ৰী আমিৰ-আব্দুল্লাহিয়ানৰ কৰুণ মৃত্যুত ভাৰতেও শোক প্ৰকাশ কৰিছে।

লগতে ভাৰত চৰকাৰে এই দুগৰাকী বিশিষ্ট ব্যক্তিৰ মৃত্যুত তেওঁলোকৰ বিদেহ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই মঙলবাৰে সমগ্ৰ দেশতে এদিনীয়া ৰাষ্ট্ৰীয় শোক পালনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে।গৃহ মন্ত্ৰালয়ে কয় যে মঙলবাৰে সকলো গুৰুত্বপূৰ্ণ স্থানতে থকা ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত হৈ থাকিব আৰু উক্ত দিনটোত কোনোধৰণৰ আনুষ্ঠানিক মনোৰঞ্জনমূলক অনুষ্ঠান নাথাকিব। উল্লেখ্য যে ইৰাণৰ ৰাষ্ট্ৰপতি আজাৰবাইজান ভ্ৰমণৰ পৰা উভতি অহাৰ সময়ত তেওঁৰ হেলিকপ্টাৰখন তাব্ৰিজ চহৰত দুৰ্ঘটনাগ্ৰস্ত হয়। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যুত শোক প্ৰকাশ কৰে। এক্সৰ এক পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-ইৰাণ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাইচিৰ অৱদানৰ কথা উল্লেখ কৰে।

Leave A Reply