Breaking

গোগামুখত একেদিনাই পাঁচখন জল জীৱন মিছন আঁচনিৰ শুভাৰম্ভ; শীঘ্ৰে পানী যোগানৰ দাবী ৰাইজৰ

0 78

ধেমাজি জিলাৰ গোগামুখৰ বিভিন্ন স্থানত ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা আৰু জল জীৱন মিছন আঁচনিৰ অধীনত নিৰ্মাণ কৰা পাঁচখন পানী যোগান আঁচনি মঙ্গলবাৰে উদ্বোধন কৰা হয়৷

শুভাৰম্ভ কৰা আঁচনি সমূহৰ ভিতৰত আছিল-  চাউলধোৱা বালি পানী যোগান আঁচনি, শান্তিপুৰ, গোগামুখ মিৰি, মিচিং চুবা, বৰদৈবাম আমগুৰি পানীযোগান আঁচনি আদি৷ আটাইকেইটা আঁচনি শুভাৰম্ভ কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই৷

ইয়াৰে চাউলধোৱা বালি পানী যোগান আঁচনি উদ্বোধন কৰি সাংসদ প্ৰদান বৰুৱাই সাংবাদিকৰ আগত কয় যে- জল জীৱন মিছন আঁচনিৰ অধীনত নিৰ্মাণ কৰা সকলোবোৰ পানী যোগান আঁচনি কাৰ্যক্ষম হৈ থাকিব যদিও জনসাধাৰণৰ সহযোগিতা নিতান্তই প্ৰয়োজন হ’ব ৷

চৰকাৰী সকলোবোৰ ফলপ্ৰসূ আঁচনিৰ সফললতা আৰু স্থায়ীত্ব জনসাধাৰণৰ ওপৰত নিৰ্ভৰ কৰে৷  জল জীৱন মিছন আঁচনিৰ অধীনত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ পাছতো প্ৰায়বোৰ পানী যোগান আঁঁচনিৰ পৰা ৰাইজে পানী নোপোৱা সন্দৰ্ভত তেওঁ কয়- যিবিলাক আঁচনি নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই বা নিৰ্মাণ সম্পূৰ্ণ কৰাৰ পাছতো ঠিকাদাৰে বিভাগীয় কৰ্তৃপক্ষক চমজাই দিয়া নাই তেনেবোৰ আঁচনিৰ পৰাহে ৰাইজে পানী যোগান লাভ নকৰা বুলি তেওঁ মন্তব্য আগবঢ়ায়৷ 

পানী যোগান আঁচনিৰ শুভাৰম্ভণি কাৰ্যসূচী সমূহত উপস্থিত থাকে ধেমাজি জিলা উন্নয়ন প আয়ুক্ত অৰূপ পাঠক, ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা নৰেন্দ্ৰ বৰা. সহকাৰী কাৰ্যবাহী অভিযন্তা গমুগ পেগু, দুলাল চন্দ্ৰ পাতিৰ, শাখা বিষয়া অংশুমান বৰুৱা আৰু প্ৰণৱ চেতিয়াই৷

ইপিনে ধেমাজি জিলাৰ শিঙিয়াটো সাংসদ বৰুৱাই এখন মিনি পানী যোগান আঁচনি শুভাৰম্ভ কৰে ৷ আনপিনে মঙ্গলবাৰে শুভাৰম্ভ আটাইবোৰ আঁচনিৰ পৰা পানী যোগান প্ৰক্ৰিয়া তীব্ৰ কৰিবলৈ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে৷

Leave A Reply