Breaking

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বায়ুসেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ৫গৰাকী জোৱান…

0 17

জম্মু-কাশ্মীৰত বায়ুসেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ। পুঞ্চৰ ছুৰনকোট অঞ্চলত বায়ুসেনাৰ দুখন বাহনলৈ ধাৰাসাৰ গুলীবৰ্ষণ। আক্ৰমণত ৩টাকৈ সন্ত্ৰাসবাদী জড়িত থকাৰ সন্দেহ।

আনহাতে উক্ত ঘটনা সংঘটিত হোৱাৰ পাছতে সেনা জোৱানে আক্ৰমকাৰীৰ সন্ধান অভিযান চলায়। ইয়াৰোপৰি সেনাৰ বিশেষ বাহিনীসহ জম্মু-কাশ্মীৰ আৰক্ষীৰ এটা দল উক্ত এলেকাত মোতায়ন কৰা হৈছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০২৩ বৰ্ষৰ ২১ ডিচেম্বৰত জম্মু-কাশমীৰত অনুৰূপ ঘটনা সংঘটিত হৈছিল। উক্ত ঘটনাত ৫জন সেৱা জোৱান ছহিদ হৈছিল।

Leave A Reply