Breaking

তেজপুৰত জ্যোতি দিৱসৰ লগত সংগতি ৰাখি পাঁচমাইলত গ্ৰন্থ উন্মোচন

0 2,033

সুৰৰে, গীতৰে, নাটকৰে আৰু বিপ্লৱৰ অগ্নিৰে দেশ জাতি গঠনৰ মালা গঁঠা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি ৭০ সংখ্যক স্মৃতিদিৱসৰ সংগতি ৰাখি তেজপুৰৰ পাঁচমাইল শাখা সাহিত্য সভাৰ উদ্যোগতো বৰ্ণাঢ্য কাৰ্যসূচীৰে জ্যোতি দিবস আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়।

পাঁচমাইল শাখা সাহিত্য সভাৰ সভাপতি শ্বেখ চাহাব উদ্দিনে পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰাৰ পিছত জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী আৰাধনা কটকীয়ে । অসম সাহিত্য সভাৰ আৰম্ভণি গীতেৰে আৰম্ভ হোৱা মূল সভাত সভাপতিত্ব কৰে শ্বেখ চাহাব উদ্দিনে । “সম্পদতকৈ সম্বন্ধ ডাঙৰ আৰু বন্ধুত্বসুলভ সমাজ সংস্কৃতিয়ে দেশৰ সৌন্দৰ্য্য সৌষ্ঠব বৃদ্ধি কৰে । জ্যোতিপ্ৰসাদৰ দৰ্শন এনেকুৱা বিষয় বস্তুৰেই সমৃদ্ধ বুলি সাবলীল বক্তব্য দাঙি ধৰি মন বাহাদুৰ চুব্বাই ৰচনা কৰা আৰু পাঁচমাইল শাখা সাহিত্য সভাই প্ৰকাশ কৰা বিচিত্রিতা গ্ৰন্থ খন  উন্মোচন কৰে মুখ্য অতিথি তথা উন্মোচক অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক মৈৰাবাৰীৰ আব্দুল কুদ্দুচে । মূল সভাত অতিথি হিচাপে শোভাবর্ধন কৰে অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড° আব্দুল মজিদ আৰু ভোজখোৱা আজাদ মেমৰিয়েল হাই মাদ্ৰাছাৰ অৱসৰ প্ৰাপ্ত অধীক্ষক আব্দুল কাদিৰে । অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্ৰী বন্ধন উপসমিতিৰ উপসভাপতি চিৰাজ খান উপস্থিত থকা মূল সভাত জ্যোতি সংগীত পৰিবেশন কৰে স্হানীয় চেমনীয়া শিল্পী জেচমিন নাহাৰ আৰু চাহিনা খাতুনে । শোণিতপুৰ কণিষ্ঠ মহাবিদ্যালয়ত অনুষ্ঠিত সভাত ভালে সংখ্যক ছাত্ৰ ছাত্ৰী আৰু ৰাইজ উপস্থিত থকা জ্যোতি দিবসৰ মূল সভাৰ আঁত ধৰে শাখা ।শাখা সাহিত্য সভাৰ  সম্পাদক আইনুল ইচলামে ৷

ইপিনে, তেজপুৰৰ অন্যতম নৃত্য শিক্ষণ অনুষ্ঠান সৃজনী সংগীত মহাবিদ্যালয় আৰু সাংস্কৃতিক চৰ্চাৰ অন্যতম প্ৰাণকেন্দ্ৰ মাজগাঁৱৰ শ্ৰী শ্ৰী শংকৰ মন্দিৰ অনুুুষ্ঠানৰ সহযোগত উদযাপন কৰা হয় শিল্পী দিৱস ৷ সংগীত মহাবিদ্যালয় খনৰ অধক্ষ্যা তথা বিশিষ্ট নৃত্য শিল্পী মিতালী বৰঠাকুৰৰ নেতৃত্বত শ্ৰী শ্ৰী শংকৰ মন্দিৰ অনুষ্ঠানৰ প্ৰাংগনত  নৃত্য আৰু গীতৰে ৰূপকোঁৱৰক স্মৰণ কৰা হয় ৷

Leave A Reply