Breaking

অৰুণাচলত পাহাৰৰ পৰা দ’ খাৱৈত বাগৰিল বাছ, অসমৰ পাঁচজনৰ মৃত্যু…

0 30

অৰুণাচলৰ আনজাওত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা তিনিচুকীয়াৰ পৰা যোৱা AS23AD7360 নম্বৰৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ৷পাহাৰৰ পৰা দ’খাৱৈত বাগৰি পৰাত পাঁচ জন লোকৰ মৃত্যু ঘটে। নিহত লোক কেই জন অসমৰ বাসিন্দা আছিল। জানিব পৰা মতে নিহত লোক কেইজন তিনিচুকীয়া জিলাৰ মাকুমৰ ৰাজাপতি গেৰেজৰ কৰ্মচাৰী আছিল ।

ইতিমধ্যে মৃতদেহ কেইটা উদ্ধাৰ কৰিব পৰা গৈছে। বেয়া বতৰ আৰু কুঁৱলীৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে। মৃত লোকসলকলৰ নাম এতিয়াও জানিব পৰা হোৱা নাই।

Leave A Reply