Breaking

লাহৰীঘাটৰ কছাৰীবড়ীত ১৪ টা চুৰি বাইক সহ ৫ জনক আটক…

0 21

মৰিগাঁও আৰু লাহৰীঘাট আৰক্ষীৰ অভিযানত যোৱা ৩ আৰু ৪ আগষ্টত লাহৰীঘাট থানাৰ অন্তৰ্গত বিভিন্ন ঠাইৰপৰা ১৪ টা চুৰি বাইক সহ ৫ জন লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

ধৃত চুৰি বাইক সৰবৰাহ কাৰী ৫ জন ক্ৰমে ছাতিয়ানতলিৰ গেৰেজ মেকানিক ছাদ্দাম হুছেইন (২৪),দেৱাগুৰিৰ হৰজত আলী (২৬) , বোৱালগুৰিৰ হায়াৎ উল্লাহ (২০), দেৱাগুৰিৰ বাহাৰুল ইছলাম (২৮) আৰু ভেলুগুৰিৰ চৰিফ ইছলাম (১৮ )। আৰক্ষীয়ে জব্দ কৰা ১৪ টা বাইকৰ ভিতৰত অধিকাংশ বাইক নম্বৰপ্লেট বিহীন আছিল বুলি আৰক্ষীয়ে জনাইছে।

জব্দ কৰা ১৪ টা বাইকৰ আনুমানিক মূল্য প্ৰায় ৫ লাখ টকা হব অনুমান কৰা হৈছে। ধৃত ৫ টা বাইক চোৰৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষীয়ে 304/22, U/S 379/411/34 IPC ধাৰাত গোচৰ ৰুজু কৰিছে।
লাহৰীঘাটৰ পৰা খাইৰুল ইছলাম

Leave A Reply