Breaking

পাঁচ মহলীয়া আৱাসিক অট্টালিকা পৰিল খহি; ৩ জন নিহত, কেইবাজনো আৱদ্ধ হোৱাৰ আশংকা

0 69

মঙলবাৰে সন্ধিয়া লক্ষ্ণৌৰ ৱাজিৰ হাসংগঞ্জ পথত পাঁচ মহলীয়া আৱাসিক অট্টালিকা খহি পৰাত কমেও তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন কেইবাজনো লোক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। উদ্ধাৰ অভিযান চলি আছে।

উপ-মুখ্যমন্ত্ৰীয়ে কয়, “অট্টালিকাটো হঠাতে ভাঙি যায়। তিনিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ঘটনাস্থলীত এন ডি আৰ এফ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত আছে। উদ্ধাৰ অভিযান চলি আছে।”

৭ জন লোকক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

তেওঁলোক অচেতন হৈ আছিল। মানুহে কৈছে যে অট্টালিকাটোত ৩০-৩৫টা পৰিয়াল বাস কৰিছিল।” মুখ্যমন্ত্ৰী কাৰ্যালয়ে এক বিবৃতিত কয় যে, “মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জিলা দণ্ডাধীশ আৰু জ্যেষ্ঠ আৰক্ষী বিষয়া, এছডিআৰএফ, আৰু এনডিআৰএফৰ দলক স্থানতে উদ্ধাৰ অভিযান চলাবলৈ নিৰ্দেশ দিছে। বহু চিকিৎসালয়কো সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।”

Leave A Reply