Breaking

কাছুমাৰাত বানপানীয়ে প্ৰাণ ললে পাঁচ বছৰীয়া শিশুৰ

0 53

কামৰুপ গ্ৰাম্য : পুনৰ কাছুমাৰৰ মৈৰাদিয়াত অঘটন ৷বানপানীত ডুবি শিশুৰ মৃত্যু । ঘৰৰ কাষতে খেলি থাকোতেই বানৰ পানীত ডুবি মৃত্যু ঘটে পাঁচ বছৰীয়া শিশুটিৰ। পৰিয়ালৰলোকে ততাতৈয়াকৈ নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।

শিশুটিক জানিব পৰা মতে মৃত শিশুটিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত মৈৰাদিয়া গাওঁৰ নজমুল হকৰ পুত্ৰ হাছিনুৰ ইছলাম(৫)
অৱশেষত নগৰবেৰা চিকিৎসালয়ৰ পৰা শিশুটিৰ মৃতদেহ কোলাত লৈ এনেদৰে শোকাকুল পৰিৱেশত ঘৰ অভিমুখে উভতি যায় পৰিয়ালৰ লোক ৷ সমগ্ৰ ঘটনাই অঞ্চলটোৰ লগতে পৰিয়ালৰ মাজত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে ।

প্ৰেৰক : নগৰবেৰাৰ পৰা আবুল হুছেইন

Leave A Reply