Breaking

ধুবুৰীত মাৰাত্মক ড্ৰাগছৰ সহ আৰক্ষীৰ জালত পাঁচ গৰাকী যুৱক গ্ৰেপ্তাৰ

0 1,536

ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে। যোৱা কালি ধুবুৰীত ড্ৰাগছ সহ পাঁচ গৰাকী লোকক গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, সৰ্বনাসী ড্ৰাগছৰ বেহাত নামি পৰিছে ধুবুৰীৰ একাংশ নৱ প্ৰজন্মই। একাংশ যুৱকে  উপাৰ্জনৰ পথ হিচাপে বাছি লৈছে এতিয়া ড্ৰাগছৰ বেহা। আৰক্ষীয়ে এক গোপন তথ্য লাভ কৰি পাঁচজন যুৱক গ্ৰেতাৰ কৰিবলৈ সক্ষম হয়। আটকাধিন ক্ৰমে-  এ,এম,কো ৰোডৰ পংকি ৰহমান, ফলিমাৰীৰ আতোৱাৰ।ৰহমান, চফীকুল ইছলাম, আই,জি ৰোডৰ ৰাজা আহমেদ আৰু নুৰ জামান ৰহমান । আৰক্ষীয়ে অভিযান চলাই চাৰি চকীয়া বাহন আৰু এখন বাইক জব্দ কৰে লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় টেবলেট, ব্ৰাউন চুগাৰ আৰু নগদ ৮ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জব্দ কৰা চাৰি চকীয়া বাহন খনৰ নম্বৰ AS 01AU2451 আৰু বাইকৰ নম্বৰ AS17 K5181 বৰ্তমানে ধুবুৰী সদৰ থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। লগতে তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাকৈ এখন এজাহাৰ দাখিল কৰিব বুলি সাংবাদিকক  জানিবলৈ দিয়ে।

Leave A Reply