Breaking

হোজাইত উপায়ুক্ত অনুপম চৌধুৰীৰ দ্বাৰা ৰাষ্ট্ৰীয় পোষণ মাহ সমদলৰ ফ্লেগ অফ

0 2,066

সমগ্ৰ দেশৰ লগতে হোজাই জিলাতো সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আজিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হ’ব ৷ এই উপলক্ষে আজি পোষণ মাহ পালনৰ উদ্বোধনী কাৰ্যসূচী হিচাপে বৃক্ষৰোপণ আৰু সম্পূৰ্ণ ক’ভিড-১৯ স্বাস্থ্য বিধি অনুসৰণ কৰি উপায়ুক্ত কাৰ্যালয়ৰ চৌহদৰ পৰা শংকৰদেৱ নগৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ সমীপলৈ জিলা সমাজ কল্যাণ বিভাগৰ বিভিন্ন বিষয়া,  চুপাৰভাইজৰ, অংগনৱাদী কৰ্মী আৰু সহায়িকাৰ অংশগ্ৰহণেৰে এক সজাগতামূলক সমদল উলিওৱা হয় ৷ সমদলৰ ফ্লেগ অফ কৰি উপায়ুক্ত অনুপম চৌধুৰীয়ে উল্লেখ কৰে যে, এই পোষণ মাহ পালনৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ পৰা পুষ্টিহীনতা দূৰীকৰণক মূল লক্ষ্য হিচাপে লৈ বিভিন্ন সুদূৰপ্ৰসাৰী আৰু ফলপ্ৰসূ কাৰ্যসূচীৰ মাধ্যমত ইয়াৰ প্ৰতিকাৰৰ বাবে এক উমৈহতীয়া প্ৰচেষ্টা ৷ এই পোষণ মাহ পালনৰ লগত সংগতি ৰাখি হোজাই জিলাতো পুষ্টিহীনতাত ভুগি থকা শিশুসকলক চিনাক্ত কৰি পুনৰীক্ষণৰ অন্তত পুষ্টিকৰ খাদ্য যোগান দিয়াৰ লগতে অন্যান্য পৰিপুষ্টিমূলক কাৰ্যসূচী হাতত লোৱা হৈছে ৷

Leave A Reply