বিলাসীপাৰাৰ নায়েৰ আলগা বিভিন্ন চৰঞ্চল সমূহত বান পানী পৰিদৰ্শন ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ

বিলাসীপাৰাৰ,নায়েৰ আলগা বিভিন্ন চৰঞ্চল সমূহত বান পানী পৰিদৰ্শন,ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সম্পাদক মহিজুল ইছলাম, লগতে বিলাসীপাৰা কৃষ্ণ নগৰ জনকল্যাণ ক্লাবৰ যৌথ উদ্যোগ ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ এক সজাতি দলে।
উল্লেখ্য যে বিলাসীপাৰা মহকুমাৰ বিভিন্ন চৰ অঞ্চলৰ লগতে নায়েৰ আলগা চৰঞ্চল সমূহৰ কেইবাখন গাওঁৰ গৰাখহনীয়া আৰু বানপানী পৰিদৰ্শন কৰি বুজ লৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে ক্লাৱৰ সজাতি দলটোৱে বানক্রান্ত সজাতি দলটোৱে
সামান্য পৰিমাণে খাদ্য সামগ্ৰী বিতৰন কৰা দেখিবলৈ পোৱা গৈছে।উক্ত চৰঞ্চল সমূহত ডুবি যোৱা কৃষকৰ খেতি পথাৰ বিনষ্ট হৈছে,লগতে গৰু ছাগলীৰ খাদ্য নাটনি হোৱা দেখিবলৈ পোৱা গৈছে।যদিও ধুবুৰী জিলা উপায়ুক্ত মহোদয়ৰ লগতে বিলাসীপাৰা মহকুমা প্ৰশাসনকো গৰাখহনীয়া অঞ্চল সমূহ পৰিদৰ্শন কৰি বুজ লবলৈ আহ্বান জনাইছে,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সম্পাদক মহিজুল ইছলামে।


উল্লেখ্য যে বানক্রান্তত ক্ষয় ক্ষতি হোৱা চৰঞ্চল সমূহৰ বানাক্ৰান্ত ৰাইজক খাদ্যৰ যোগান,গৰু ছাগলীৰ খাদ্য যোগান আদিকে ধৰি বিভিন্ন সমস্যা সমাধান কৰিবলৈ স্থানীয় জনপ্ৰতিনিধি বিধায়ক, ধুবুৰী সাংসদ আৰু অসম চৰকাৰৰ ওচৰত দাৱী জনাইছে,ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ সজাতি দলটোৱে।

Related Articles