Breaking

বালিপৰাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বানপানী, এচ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযান

0 1,105

বিগত কেইদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়ি অহা জৰাসৰ নৈ বাঢ়নি পানীয়ে আজি পুৱতি নিশাৰে পৰা প্লাৱিত কৰিলে বালিপৰাৰ কেইবাখনো গাওঁ ৷ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ দীঘলী বালিজান, উদমাৰী গাওঁ, ঢেকেৰী গাও, এৰাগাওঁ আদি কেইবাখনো গাঁৱৰ কেইবা সহস্পাধিক লোক আৱদ্ধ হৈ পৰিছে বানপানীত৷তদুপৰি বালিপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ জলমগ্ন হোৱাৰ বাবে ততাতয়াকৈ প্ৰসূতি ৰোগীসকলক চাৰিদুৱাৰ স্বাস্থ্য কেন্দ্ৰ প্ৰেৰণ কৰা হৈছে৷

ইতিমধ্যে এককাল এবুকু পানীত আৱদ্ধ হৈ পৰা ৰাইজক এচ ডি আৰ আফ বাহিনীৰ দ্বাৰা উদ্ধাৰ কৰি নিৰাপদ স্হানলৈ স্হানান্তৰ কৰি থকা হৈছে । আনহাতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো এবুকু বানপানী সৃষ্টি হোৱা দেখা।গৈছে।

Leave A Reply