Breaking

বানপানী, বজ্ৰপাতৰ ফলত ৫৭ জন লোকৰ মৃত্যু; ২৫০ৰো অধিক জীৱ-জন্তুৰ মৃত্যু…

0 61

আফগানিস্তান আৰু পাকিস্তানত বানপানী, বজ্ৰপাতৰ ফলত ৫৭ জন লোকৰ মৃত্যু; ২৫০ৰো অধিক জীৱ-জন্তুৰ মৃত্যু হয়।

প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত আফগানিস্তানৰ ৩৩জন আৰু পাকিস্তানৰ ২৪জন লোক আছে। পাকিস্তানত সৰ্বাধিক লোকৰ মৃত্যু হৈছে পঞ্জাৱ প্ৰদেশত। দুয়োখন দেশৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আগন্তুক দিনত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। আফগানিস্তান আৰু পাকিস্তানত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ ফলত ৫৭ জন লোকৰ মৃত্যু হৈছে। একে সময়তে দুয়োখন দেশতে হাজাৰৰো অধিক ঘৰৰ ক্ষতিসাধন হোৱাৰ লগতে ২৫০ টাতকৈও অধিক জীৱ-জন্তুৰ মৃত্যুৰ খবৰ পোৱা গৈছে।

Leave A Reply