Breaking

ফ্লাইং কিছ! পত্নী, কন্যা আৰু পুত্ৰৰ সৈতে বিৰাট কোহলীৰ মৰমলগা ভিডিঅ’ কল…

0 21

বিৰাট কোহলীৰ এটি ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। আচলতে আই পি এল ২০২৪ৰ ষষ্ঠখন খেলৰ পাছত পঞ্জাৱ কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত বিৰাট কোহলিয়ে পত্নী অনুষ্কা শৰ্মা আৰু তেওঁৰ সন্তানৰ সৈতে ভিডিঅ’ কলত কথা পাতি থকা দেখা গৈছিল। কোহলীয়ে কথা কোৱাৰ ধৰণ দেখি সকলোৱে ‘কিউট’ বুলি কৈছে। বিৰাট কোহলীয়ে ৭৭ ৰানৰ মেচ বিজয়ী ইনিংছ খেলি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই ইনিংছৰ বাবে কোহলীক মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও নিৰ্বাচিত কৰা হয়।

জানুৱাৰী মাহৰ পৰা বিৰাটে ক্ৰিকেট খেলা নাছিল। এতিয়া আই পি এললৈ উভতি অহাৰ লগে লগে তেওঁ পৰিয়ালৰ সৈতে কটোৱা সময়খিনিৰ বিষয়ে কয়, ‘আমি দেশত নাছিলোঁ, আমি এনেকুৱা ঠাইত আছিলো য’ত মানুহে আমাক চিনি পোৱা নাছিল। পৰিয়াল হিচাপে একেলগে সময় কটোৱা, দুমাহ ধৰি স্বাভাৱিক অনুভৱ কৰাটো মোৰ আৰু মোৰ পৰিয়ালৰ বাবে আছিল এক সুন্দৰ অভিজ্ঞতা।

Leave A Reply