Breaking

অত্যাধিক গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ পালন কৰক এই নিয়ম…

0 204

অত্যাধিক গৰমৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব । জানি থওক এই কেইটা সহজ উপায় ।

১) পানী সেৱন – নিয়মিত পানী সেৱন কৰিব । যাতে শৰীৰটো Dehydrate অথবা শৰীৰত পানীৰ অভাৱ নহয় ।

২) নাৰিকলৰ পানী – গৰমৰ দিনত শৰীৰটো হাইড্ৰেইট কৰি ৰখাৰ বাবে অতি উত্তম হৈছে নাৰিকলৰ পানী ৷ নাৰিকলৰ পানীয়ে পেট ঠাণ্ডা কৰি ৰখাটো যথেষ্ট সহায় কৰে ।৩) নেমু পানী – গৰমৰ দিনত নেমু পানী সেৱন কৰিলেও শৰীৰৰ বাবে উপকাৰী ।

৪) লাচ্ছি – গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ লাচ্ছি সেৱন কৰিব পাৰে । লাচ্ছিয়ে শৰীৰ তথা পেট ঠাণ্ডা কৰি ৰখাতো সহায় কৰে ৷৫) কটন কাপোৰ – গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ পাতল অথবা পৰাপক্ষত কটনৰ কাপোৰ পৰিধান কৰিব ।৬) নিয়মতি গা ধোৱ – শৰীৰটো শীতল কৰি ৰাখিবলৈ নিয়মিত ঠাণ্ডা পানীৰে গা ধোৱ ।

৭) বাহিৰা কাৰ্য পৰিহাৰ – অতন্ত্য জৰুৰী নহ’লে ঘৰৰ বাহিৰত বা প্ৰখৰ ৰ’দত যোৱাটো পৰিহাৰ কৰিব ।

৮) সুৰা/মাংস ইত্যাদি পৰিহাৰ – সুৰা, চিগাৰেট ইত্যাদি পৰিহাৰ কৰাৰ লগতে পাতল খাদ্য গ্ৰহণ কৰিব । মচলা জাতীয় খাদ্য যেনে মাংস, কণী ইত্যাদি পৰিহাৰ কৰক ।

৯) ORS – গৰম দিনত শৰীৰৰ পৰা অত্যাধিক ঘাম নিৰ্গত হয় গতিকে ORS গ্ৰহণ কৰিব পাৰে ।

১০) অন্যান্য – বাহিৰত ওলাই গ’লে পাৰিলে Sunscreen লগাই ওলাব, হাত দীঘল পোছাক পৰিধান কৰিব, ছাতি, পানীৰ বটল ইত্যাদি লগত ৰাখিব ।আন কিবা ঘৰুৱা উপায় থাকিলে কমেণ্ট কৰি জনাব পাৰে ।

Leave A Reply