Breaking

ভাৰতীয় খাদ্য নিগমৰ কাকপথাৰ ধান ক্ৰয় কেন্দ্ৰৰ সংবাদমেল, কাকপথাৰত পৰ্যাপ্ত সা-সুবিধাযুক্ত গোদাম নিৰ্মাণৰ দাবী

0 58

ভাৰত চৰকাৰৰ খাদ্য নিগম বিভাগে কৃষক সকলৰ সুবিধাৰ বাবে বিভিন্ন ঠাইত স্থাপন কৰিছিল ধান ক্ৰয় কৰা কেন্দ্ৰ । এনে এক অন্যতম ধান ক্ৰয় কৰা কেন্দ্ৰ হৈছে তিনিচুকীয়া জিলাৰ কাকপথাৰ ধান ক্ৰয় কেন্দ্ৰ । এই বৰ্ষত ভাৰত চৰকাৰে কাকপথাৰ কেন্দ্ৰৰ বাবে নিদ্ধাৰিত কৰিছিল মুঠ ২৫ হাজাৰ কুইণ্টল ধান ক্ৰয়ৰ ব্যৱস্থা ।

পৰ্যাপ্ত গোদাম তথা সা-সুবিধা নথকাৰ বাবে কাকপথাৰ কেন্দ্ৰত মুঠ ২১ হাজাৰ কুইন্টলত হে ধান ল’বলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে কাকপথাৰ তৰুণ হাজৰিকাই । তাৰ ভিতৰতে কাকপথাৰ কেন্দ্ৰই কৃষক সকলৰ পৰা সংগ্ৰহ কৰা মুঠ ২৬ হাজাৰ কুইণ্টল ধান ভিতৰত বাকি ৫হাজাৰ কুইন্টলত ধান তিনিচুকীয়াত দিব লগীয়া হোৱাত কাকপথাৰত এটা পৰ্যাপ্ত সা-সুবিধা থকা গোদাম নিৰ্মাণ কৰিবলৈ আহ্বান জনায় । যোৱা ৩০জুনত সফলভাবে সমাপ্ত হোৱা ধান ক্ৰয়ৰ প্ৰক্ৰিয়া অহা বৰ্ষত ২০৪০ টকালৈ বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত সকলো কৃষককে উক্ত চৰকাৰী সুবিধাৰ জৰিয়তে স্বাৱলম্বীৰ দিশে এখোজ আগবঢ়াই যোৱাত আগবাঢ়ি আহিবলৈ আহ্বান জনায় সংবাদ মেলৰ যোগেদি ।

কাকপথাৰ ধান ক্ৰয় কেন্দ্ৰৰ বিষয়ববীয়া, অঞ্চলটৈৰ বহু কেইজন‌ খেতিয়ক উপস্থিত থকা সংবাদ মেলৰ যোগেদি কাকপথাৰ এনে ধান ক্ৰয় কেন্দ্ৰৰ সুবিধা দিয়াৰ বাবে বিধায়ক বলিন চেতিয়া, তিনিচুকীয়া জিলা কৃষি বিভাগৰ বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে গোদামৰ ব্যৱস্থা কৰিলে কৃষকসকল উপকৃত হ’ব বুলি মন্তব্য কৰে ।

Leave A Reply