Breaking

চতিয়া সমষ্টিৰ জামুগুৰিহাটত চৰকাৰীভাৱে কনন্টেইনমেন্ট জ’নৰ পৰিয়ালক প্ৰদান দুহাজাৰ টকীয়া খাদ্যৰ পেকেজ ৷

0 528

আজি নদুৱাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰমুখ্যে কাননগু আৰু লাট মণ্ডলৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে চতিয়া সমষ্টিৰ জামুগুৰিহাটত চৰকাৰীভাৱে কনন্টেইনমেন্ট জ’নৰ পৰিয়ালক প্ৰদান কৰা হ’ল দুহাজাৰ টকীয়া এক খাদ্যৰ পেকেজ ৷ জামুগুৰিহাটৰ বাঁহবৰীয়া গাৱঁত ৪৫ টাকৈ কনন্টেইনমেন্ট জ’নত থকা পৰিয়ালক প্ৰদান কৰা হয় এই খাদ্যৰ পেকেজ ৷ ১৫ কেজি চাউল , ২ কেজি দাইল , ২ লিটাৰ মিঠাতেল , ৫কেজি আলু , ২কেজি পিয়াজ , চয়াবিন , চেনি , চাহপাত , গাখীৰৰ পেকেট , বিস্কুট , কণীৰ প্লেট আদিকে ধৰি দুহাজাৰ টকীয়া এক খাদ্যৰ পেকেজ প্ৰদান কৰা হয় নদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত ৷

Leave A Reply