Breaking

শাৰদীয় বতৰৰ মাজতে উত্তৰ গুৱাহাটীত ফুটবলৰ জ্বৰ

0 34

শাৰদীয় বতৰৰ মাজতে উত্তৰ গুৱাহাটীত ফুটবলৰ জ্বৰ । নিশা বাৰ বজালৈ ফুটবল খেল উপভোগ কৰিলে উত্তৰ গুৱাহাটীৰ ফুটবল প্ৰেমীয়ে । দুই ভৰিৰ যাদু চাবলৈ ওলাই আহিল শ শ পুৰুষ -মহিলা । অসমৰ লগতে কেৰেলা , নাইজেৰিয়া , বুলগেৰিয়াৰ পৰা অহা কেইবাজনো ফুটবলাৰে মন্ত্ৰমুগ্ধ কৰিলে ফুটবল প্ৰেমীক ।

উল্লেখ্য, ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে এইবেলিও তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ গুৱাহাটী জলাহ – বামুণী গাৱত অনুষ্ঠিত হয় মহতাফ আলী সোঁৱৰণী দিৱা-নৈশ ফুটবল প্ৰতিযোগিতা ।”MARZIYA SPORTS CLUB” ৰ উদ্যোগত অনুষ্ঠিত এইবাৰৰ প্ৰতিযোগিতাত মুঠ ২৬ টা দলে অংশগ্ৰহণ কৰে ।সোমবাৰে কোৱাৰ্টাৰ ফাইনেল, ছেমিফাইনেল আৰু নিশা লৈ অনুষ্ঠিত হয় চূড়ান্ত প্ৰতিযোগিতা ।

Leave A Reply