Breaking

গোগামুখত লুড’ৰ উদ্যোগত ফুটবলৰ মহাৰণ

0 2,072

লোকেল ইউনাইটেড ডেভেলপমেণ্ট অৰ্গেনাইশ্বন চমুকৈ লুড’ৰ উদ্যোগত আৰু মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু এন এইচ পি চিৰ আৰ্থিক সাহায্যত ২২ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ফুটবলৰ মহাৰণ ৷ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিত্বীয় বাৰৰ বাবে অনুষ্ঠিত হ’ব লগা উক্ত ফুটবল প্ৰতিযোগিতাখনত অসমৰ বহুকেইটা আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰাৰ লগতে মেঘালয়ৰ আগশাৰীৰ ফুটবল দল ৱাৰিয়ৰছ্ মেঘালয় ফুটবল দলেও অংশগ্ৰহণ কৰিছে ৷ আজি সোমবাৰে অনুষ্ঠিত হোৱা এখন সংবাদ মেলত এই কথা সদৰী কৰে লুড’ৰ কৰ্মকৰ্তা সকলে ৷সংবাদমেলত তেওঁলোকে জনোৱা মতে লুড’ই সমগ্ৰ গোগামুখত ফুটবলৰ জোৱাৰ অনাৰ উদ্দেশ্যে এনদৰে বৃহৎ ফুটবল খেল প্ৰতি বছৰে আয়োজন কৰিছে আৰু লুড’ই ইতিমধ্যে সমগ্ৰ গোগামুখত ক্ৰীড়াৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷ এইবাৰো যুৱ সমাজ কৰ্মী তথা প্ৰতিযোগিতাখনৰ আয়োজক সমিতিৰ সভাপতি তীৰ্থপ্ৰতীম পেগুৰ নেতৃত্বত চলিছে প্ৰতিযোগিতাখনৰ সফল উদ্‌যাপনৰ সকলো ধৰণৰ প্ৰস্তুতি ৷সংবাদ মেলত উপস্থিত থাকে লুড’ৰ সভাপতি লক্ষীকান্ত পেগু, সম্পাদক দ’কে দলে, ৰত্ন চুংক্ৰাং, ছান কুমাৰ পাংগিং, ভৱেন মিলি, কমল কিৰণ পেগু, ৰাজু চিন্তে, বিদ্যুৎ দলে আৰু লুড’ৰ কৰ্মকৰ্তা সকলে ৷

Leave A Reply