Breaking

গোগামুখ মহৰিকেম্পত স্বাধীনতা দিৱস উপলক্ষে ফুটবল খেল আৰম্ভঃ উদ্বোধনী খেলত শলখবাৰী ফুটবল দলৰ অগ্ৰগতি

0 1,813

ধেমাজি জিলাৰ গোগামুখ মহৰিকেম্পস্থিত ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত আজিৰ পৰা দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ফুটবল খেল আৰম্ভ হৈছে ৷ আজিৰ উদ্বোধনী খেলখন শলখবাৰী ফুটবল একাদশে মহৰিকেম্প ফুটবল একাদশক ২-০ গলৰ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী পৰ্যায়লৈ অগ্ৰগতি লাভ কৰিছে ৷ খেলখন উদ্বোধন কৰে সমাজকৰ্মী পদ্মেশ্বৰ পেগুৱে ৷ তেওঁক সহযোগ কৰে স্বাধীনতা দিৱসৰ উদ্‌যাপন সমিতিৰ সভাপতি দেবানন্দ বড়া, সম্পাদক সনাতন দলে, ক্ৰীড়া সংগঠক পদ্ম বড়া, ত্ৰৈলোক্য বড়া, অনিল হাজৰিকা, মিঠাৰাম গোহাঁই, আদিত্য ফুকন আদিয়ে ৷

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ধেমাজি জিলা ক্ৰীড়া সংস্হাৰ উপসভাপতি মনোজ পেগু, দিলীপ পেগু, ধৰ্মকান্ত নৰহ, গোগামুখ ক্ৰীড়া সংস্হাৰ সম্পাদক মনিৰাম পেগু আদিয়ে ৷ কাইলৈ গোপাল কৃষ্ণ ফুটবল একাদশ বনাম কচুতলি ফুটবল একাদশৰ মাজত দিত্বীয়খন খেল অনুষ্ঠিত হ’ব৷

Leave A Reply