Breaking

অগপ দলৰ উন্নতি কামনাৰে আঠখেলীয়া নামঘৰত শৰাই-নৈবদ্য, মহাপুৰুষীয়া ভাওনাৰ আয়োজন

0 30

‘অগপ দল হৈছে অসমৰ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল, যি ৰাইজৰ তেজৰ পৰা গঢ়া। অগপ দললৈ অসমৰ ৰাইজৰ মৰম আছে ক্ষোভো আছিল, সেয়েহে দুবাৰকৈ শাসনলৈ অহাৰ পিছতো অসমৰ ৰাইজে ক্ষমতাৰ পৰা বিতাড়িত কৰিছিল।’ এই মন্তব্য অগপ দলৰ সভাপতি তথা ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ। নিজৰ পৰিয়ালৰ লগতে অগপ দলৰ উন্নতি বিচাৰি শনিবাৰে গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰত উপস্থিত হয় অতুল বৰা।

সপৰিয়ালে নামঘৰ ভাগিত উপস্থিত হৈ পৰিয়াল আৰু অগপ দলটোৰ হৈ শৰাই-নৈবদ্য আগবঢ়োৱাৰ লগতে নিশালৈ আগবঢ়াইছে এভাগী মহাপুৰুষীয়া ভাওনা। আঠখেলীয়া নামঘৰ প্ৰাংগণত উপস্থিত হৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে অগপ দলৰ বিষয়ে এইদৰে কোৱাৰ লগতে পুনৰ কয় যে, কংগ্ৰেছ দলৰ দীৰ্ঘদিনীয়া শাসনে অসমৰ ৰাইজক বহুত তিতা-কেহা দিলে। বৰ্তমান অসমত আঞ্চলিকতাবাদী দলটোৱে আকৌ ঠন ধৰি উঠিছে। অগপ দললৈ নতুন তেজৰ আমদানি হৈছে। নৱ-প্ৰজন্মৰ যুৱক-যুৱতীসকল আকৰ্ষিত হৈছে। অগপ দললৈ নতুনৰ আগমনৰ বিষয়ে সোধা প্ৰশ্নত শীঘ্ৰেই কংগ্ৰেছৰ কেইবাজনো বিধায়কে অগপত যোগদান কৰাৰ স্পষ্ট ইংগিত দিলে মন্ত্ৰীগৰাকীয়ে।

ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিতেই ক্ষিপ্ৰতাৰে দলৰ কাম-কাজ চলোৱাৰ লগতে সাংগঠনিক দিশতো ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰা বুলি অৱগত কৰে সভাপতি অতুল বৰাই। ইফালে আগন্তুক লোকসভা নিৰ্বাচনত অগপ দলে কেইখন আসনত প্ৰাৰ্থিত্ব আগবঢ়াব বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, আমি এনডিএৰ অংশীদাৰ, ইয়াত বিজেপি মূল পাৰ্টী। ভাৰতীয় জনতা পাৰ্টীৰ সৈতে আমি মিত্ৰজোঁটৰ চৰকাৰ চলাই আছো। এতিয়ালৈকে আসন ভাগ-বটোৱাৰ কথা চলা নাই যদিও চৈধ্যটা সমষ্টিতেই দলৰ কাম-কাজ চলি আছে, য’ত বিজেপিয়ে প্ৰাৰ্থিত্ব দিব আমি তাত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী কৰিবলৈ চেষ্টা কৰিম আৰু য’ত আমাৰ দলে প্ৰাৰ্থিত্ব দিব তাতো মিত্ৰজোঁটে আমাক সহায় কৰিব।

কংগ্ৰেছ দলৰ বিষয়ে সোধা প্ৰশ্নত অতুল বৰাই কয় যে, কেৱল অসমতেই নহয়, সমগ্ৰ দেশতেই কংগ্ৰেছৰ আজি বিপৰ্যয় চলিছে। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই বিপৰ্যয় মাতিলে কংগ্ৰেছলৈ। দেশত এটা ধাৰণা দিবলৈ চেষ্টা কৰিছিল। কিন্তু ৰাহুল গান্ধীয়ে দেশৰ বিভিন্ন ঠাইত ঘূৰাৰ পিছত দেশৰ যি পাঁচটা সমষ্টিত বিধানসভা নিৰ্বাচন হৈ গ’ল তাত কোনো যোগাত্মক প্ৰভাৱ নাই। আনহাতে, নিশালৈ আঠখেলীয়া নামঘৰত অনুষ্ঠিত হ’ব লগা ভাওনাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তও উপস্থিত থাকিব বুলি অতুল বৰাই জানিবলৈ দিয়ে।

Leave A Reply