Breaking

প্ৰথমবাৰৰ বাবে কৌপাটি জাতীয় বিদ্যালয়ত প্ৰাক্তন সতীৰ্থ সন্মিলন

0 46

ওদালগুৰি জিলাৰ এক উন্নতমানৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় কৌপাটি ছিনিয়ৰ ছেকেণ্ডাৰী। ২০০৫ স্থাপিত বিদ্যালয় খনে শিক্ষাৰ দিশত আগবঢ়াই আনিবলৈ বৃহত্তৰ অঞ্চলত এক উল্লেখযোগ্য ভুমিকা পালন কৰি আহিছে।

বৰ্তমান বিদ্যালয়খনত নিম্ন প্ৰাথমিকৰ পৰা স্নাতকলৈ অধ্যয়ন কৰা আছে বিশেষ সুবিধা। বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড° লুটন চৰকাৰ, দ্বীপ জ্যোতি দাস,গুৰু তাঁতী আদি কৰি ভালেকেই জন শিক্ষকৰ অশেষ কষ্ট ফলস্বৰূপে বিদ্যালয় খনে বিদ্যালয় খনে প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাব লৈ সমৰ্থক হয়। বৰ্তমান কৌপাটি ছিনিয়ৰ ছেকেণ্ডাৰীত প্ৰায় ১১৫ জন শিক্ষক আৰু ২৫০০ পৰা ৩০০০ ছাত্ৰ-ছাত্ৰী আছে।

২০০৫ চনৰ ১১ জানুৱাৰীত প্ৰতিষ্ঠিত বিদ্যালয় খনত তিনি ধৰি চলি আছে বিশেষ কিছুমান অনুষ্ঠান। যোৱা ৯ জানুৱাৰীত অনুষ্ঠিত হৈছিল ফাতেমা দোৱাজ দহম। ১১ জানুৱাৰীত অনুষ্ঠিত হয় বিদ্যালয় প্ৰতিষ্ঠা দিৱসৰ বন্তি প্ৰজ্বলন, বৃক্ষৰোপণকে আদি কৰি আছিল বহু কাৰ্যসূচী।

শুক্ৰবাৰে বিদ্যালয়খনত অনুষ্ঠিত হয় প্ৰথম বাৰ বাবে প্ৰাক্তন সতীৰ্থ সন্মিলন। বিদ্যালয় খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ যোৱা প্ৰায় ৮০০ ছাত্ৰ-ছাত্ৰীক লৈ অনুষ্ঠিত হয় এই অনুষ্ঠানটো। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকল আবেগিক হৈ পৰে অতীতৰ সেই স্কুলীয়া জীৱনৰ কথা মনত কৰি।

আকৌ কোনোবাই আনন্দিত হৈ উঠে বহু দিন পিছত সহপাঠীক লগ পাই। বিভিন্ন বছৰত ছাত্ৰ-ছাত্ৰীসকলে স্মৃতিত সজাই ৰাখিবলৈ ফটো তোলা ব্যস্ত হোৱাও দেখা যায়। বিদ্যালয় কৰ্তৃপক্ষই প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক একোখনকৈ মান পত্ৰ আৰু ফুলাক গামোচাৰে সম্বৰ্ধনা জনায়।

লগতে বিদ্যালয় কৰ্তৃপক্ষই আমাক জনোৱা মতে বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি ওলাই গৈ বৰ্তমান ৭ জন চিকিৎসা বিজ্ঞানত অধ্যয়নৰত, ২জন ইঞ্জিনিয়াৰিং, ১ জন কৃষি বিজ্ঞানী,৩জন যোৰহাট কৃষি বিশ্ববিদ্যালয় অধ্যয়নৰত, ৩০ জন শিক্ষক, ৫জন অধিবক্তা, এজন পুলিচ অধিকক্ষক, ১ জন বায়ুসেনা, ২ জন নৌসেনা ১২জন অসম পুলিচ, ২০ ভাৰতীয় সৈন্যকে আদি কৰি কেইবাজনো ছাত্ৰ-ছাত্ৰী বৰ্তমান সমাজত প্ৰতিষ্ঠিত হৈ আছে।

শুকুৰবাৰৰ এই অনুষ্ঠানত প্ৰায় সহস্ৰাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় বহু গন্য মান্য ব্যক্তি উপস্থিত থাকে। শুক্ৰবাৰে অনুষ্ঠিত বিশেষ দিনটোত এখন ‘স্মৃতি ৰেখা’ নামৰ আলোচনীও প্ৰকাশ কৰাৰ মনস্থ কৰে বিদ্যালয় কৰ্তৃপক্ষ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে।

Leave A Reply