Breaking

নিউজিলেণ্ডত প্ৰথমবাৰৰ বাবে উদ্ধাৰ হ’ল সাগৰেৰে ভাঁহি অহা বিশাল পৰিমাণৰ ড্ৰাগছ , যাৰ মূল্য ৩০০ নিযুত ডলাৰৰো অধিক!

0 49

নিউজিলেণ্ড আৰক্ষীয়ে বুধবাৰে প্ৰশান্ত মহাসাগৰৰ একঅংশত ৩ টনতকৈও অধিক কোকেইন ভাঁহি থকা দেখিবলৈ পায়। সন্দেহ কৰা আনুসৰি এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি আন্তৰ্জাতিক ড্ৰাগ-চোৰাং চিণ্ডিকেটে ধৰা পৰাৰ ভয়তে হয়তো সাগৰত পেলাই দিছে।

আৰক্ষীয়ে কয় যে অয়াই হৈছে নিউজিলেণ্ডত জব্দ কৰা দেশখনৰ সৰ্ববৃহৎ পৰিমাণৰ ড্ৰাগছ । অৱশ্যে এই ড্ৰাগছৰ সৈতে জড়িত থকা কোনো লোককে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই।

নিউজিলেণ্ডৰ আৰক্ষী আয়ুক্ত এণ্ড্ৰিউ কোষ্টাৰৰ মতে, যোৱা সপ্তাহৰ পৰা সাগৰৰৰ সেই স্থানত নিয়োজিত নৌসেনাৰ জাহাজে জব্দ কৰে ভাঁহি অহা ড্ৰাগছ খিনি ।

পিছত সেই বিশাল পৰিমাণৰ ড্ৰাগছ খিনি ধ্বংস কৰা হয়বুলি তেওঁ প্ৰকাশ কৰে। ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় ৩১৬ নিযুত আমেৰিকান ডলাৰ হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।

Leave A Reply